বিলুপ্তিপ্ৰায় শগুনৰ অস্বাভাৱিক মৃত্যু ক’ত ?

0
632

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত আন্ধেৰীঘাটৰ সমীপৱৰ্তী কাহিতলীত যোৱা ১২ ফেব্ৰুৱাৰীত আৰু এটা অসহায় প্ৰকাণ্ড শগুন উদ্ধাৰ কৰা হয়৷ সুঁতি নদীৰ পাৰৰ বাঁহনিত উৰিব নোৱাৰি মাটিত পৰি থকা অৱস্থাত শগুনটো স্থানীয় দুজন প্ৰকৃতিপ্ৰেমী সাংবাদিকৰ নেতৃত্বত ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷ পাছত বন বিভাগৰ জৰিয়তে শগুনটো ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়৷ উল্লেখ্য যে অঞ্চলটোৰ  হুছেইন চুবুৰিত ৮ ফেব্ৰুৱাৰীত মৃত অৱস্থাত ৯টা শগুন আৰু মুমূৰ্ষু অৱস্থাত অন্য চাৰিটা শগুন উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়া হৈছিল যদিও সেই চাৰিটা শগুনো বন বিভাগৰ জিম্মাতে মৃত্যু হয়৷ আনহাতে অঞ্চলটোত আৰু এটা শগুন মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হৈছিল৷ স্থানীয় সাংবাদিক লোকেশ্বৰ নাথ আৰু কমল কুমাৰ নাথে অঞ্চলটোৰ নৈপৰীয়া হাবিতলীসমূহত আৰু বিপদাপন্ন তেনে পক্ষী থকাৰ আশংকা কৰি অঞ্চলটোত অভিযান চলোৱাৰ সময়ত উদ্ধাৰ হয় এই অসুস্থ শগুনটো৷ এতিয়ালৈকে  মুঠ ১৪টা শগুনৰ মৃত্যু হৈছে যদিও যোৱা ১২ ফেব্ৰুৱাৰীত উদ্ধাৰ হোৱা শগুনটো সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে৷ হুছেইন চুবুৰিত কোনো লোকে কুকুৰৰ আক্ৰমণত ছাগলীৰ মৃত্যু হোৱাত কুকুৰ মাৰিবলৈ মৃত ছাগলীৰ দেহত বিহ মিহলাই দিয়াত সেই মৃত ছাগলী ভক্ষণৰ ফলত বিলুপ্তিৰ গৰ্ভত পৰা এই শগুনকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here