মহানগৰীত ক’কেইনসহ দুই বিদেশীক গ্ৰেপ্তাৰ

0
548

ৰাজ্যত ড্ৰাগ্‌ছ-বিৰোধী তীব্ৰ অভিযান চলাই থকাৰ সময়তে নিষিদ্ধ ক’কেইনসহ খোদ ৰাজধানী গুৱাহাটীতে দুজন নাইজেৰিয়াৰ নাগৰিক গ্ৰেপ্তাৰ হোৱা কাৰ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আনহাতে ধৃত বিদেশী নাগৰিক দুজনৰ হাতত বৈধ নথি-পত্ৰও লাভ নকৰাত বিষয়টোৱে অন্য দিশে গতি কৰিছে৷ লক্ষণীয় যে ভুৱা নথি-পত্ৰৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পাছত গুৱাহাটীলৈ অহা নাইজেৰিয়াৰ দুজন লোক গুৱাহাটীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়৷ প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগ্‌ছ সৰবৰাহৰ এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত পল্টনবজাৰ ৰে’ল ষ্টেশ্যনত উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে অভিযান চলায়৷ দিল্লীৰ পৰা গুৱাহাটীলৈ অহা দুই নাইজেৰিয়াৰ নাগৰিকক তালাচী আৰু সোধা-পোছা কৰাৰ সময়তে তেওঁলোকৰ জিম্মাৰ পৰা ২০ গ্ৰাম নিষিদ্ধ ক’কেইন জব্দ কৰা হয়৷ নাইজেৰিয়াৰ ব্যক্তি দুজনৰ নাম ইমানুৱেল এনুমা ডাইক আৰু ইফিনি চাৰ্লছ অকোৱাকাজি বুলি জানিব পৰা গৈছে৷ দুয়ো ড্ৰাগ্‌ছখিনি গুৱাহাটীলৈ আনি পাছত শ্বিলঙকে ধৰি উত্তৰ-পূবৰ বিভিন্ন স্থানলৈ এই ড্ৰাগ্‌ছ সৰবৰাহ কৰি আহিছিল৷ কিন্তু গুৱাহাটীত তালাচী চলোৱাৰ সময়ত তেওঁলোকৰ হাতত ড্ৰাগ্‌ছ উদ্ধাৰ কৰাৰ লগে লগে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দুয়োকে গ্ৰেপ্তাৰ কৰা হয়৷  লক্ষণীয়ভাৱে তেওঁলোকৰ হাতত আৰক্ষীয়ে বৈধ ভিছাও লাভ কৰা নাই৷ তেওঁলোকৰ হাতত উদ্ধাৰ কৰা ভিছা, আধাৰ কাৰ্ড আৰু পান কাৰ্ড অবৈধ বুলি আৰক্ষীৰ অনুসন্ধানত স্পষ্ট হৈছে৷ লক্ষণীয় যে বিদেশী লোকে আধাৰ কাৰ্ড বা পান কাৰ্ড লাভ কৰিব নোৱাৰে৷ কিন্তু দুয়োজন ধৃত নাগৰিকৰ হাতত এই নথি লাভ কৰাৰ পাছত দেশৰ এটা দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here