Home Diet Plus বিবাহিত পুৰুষে লং খাওক আঁৰত আছে বহু কাৰণ

বিবাহিত পুৰুষে লং খাওক আঁৰত আছে বহু কাৰণ

লং মছলাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷ স্বাস্থ্যৰক্ষাত লঙে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ বিশেষকৈ পুৰুষৰ স্বাস্থ্যৰ বাবে লং খুব উপকাৰী৷ লঙে পুৰুষৰ স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায় কৰে৷ পুৰুষৰ শৰীৰত টেষ্টোষ্টেৰনৰ মাত্ৰা বঢ়াই  যথেষ্ট উল্লেখনীয় ভূমিকা লয় লঙে৷ জানো আহক পুৰুষৰ স্বাস্থ্যৰক্ষাত লঙৰ ভূমিকা কি? 
জীৱন যাত্ৰাত বিভিন্ন কাৰণ যেনে– বয়স, ধূমপান, অনিয়মীয়া খাদ্য গ্ৰহণ, মদ্যপান তথা দীৰ্ঘস্থায়ী ৰোগে পুৰুষৰ স্বাস্থ্যত প্ৰভাৱিক কৰিব পাৰে৷ যাৰ ফলত দেহত শুক্ৰাণুৰ পৰিমাণ কমি যায়৷ পুৰুষৰ এই সমস্যাত লঙে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ লঙত শক্তিশালী এণ্টিঅক্সিডেণ্টৰ কাৰ্যকলাপ পোৱা যায়, যি ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দি প্ৰজনন অংগৰ ক্ষতিৰ পৰা ৰক্ষা কৰে৷ লঙে শুক্ৰাণুৰ গুণমান তথা গতিশীলতা উন্নত কৰে৷
গৱেষণা অনুসৰি পুৰুষৰ উচ্ছ ৰক্তচাপৰ প্ৰৱণতা মহিলাসকলৰ তুলনাত বেছি৷ লঙত থকা কাৰ্ডিঅ’প্ৰ’টেক্টিভ এক্টিভিটিয়ে শৰীৰত অকল কলেষ্টৰেলৰ মাত্ৰা নকমায়, ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই হূদপিণ্ড সুস্থ-সবল কৰি ৰাখে৷
লঙত উচ্ছ এণ্টিহাইপাৰগ্লাইছেমিক, হেপাটোপ্ৰ’টেক্টিভ, হাইপোলিপিডেমিক তথা এণ্টিঅক্সিডেটিভ পোৱা যায়৷ এইবোৰ উপাদানে শৰীৰৰ গ্লুকজ তথা কলেষ্টৰেলৰ মাত্ৰা কমাই ৰাখে৷ যাৰ ফলত লিভাৰৰ কোষবোৰক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷
লঙত ফ্লাভোনয়েড, আলকালয়েড, ছাপোনিন আদি ফাইটোকেমিকেল থাকে, যিয়ে যৌন ইচ্ছাক উদ্দীপিত কৰি কামশক্তি বঢ়োৱাত সহায় কৰে৷ যৌন ক্ষমতা তথা টেষ্টোষ্টেৰনৰ মাত্ৰা বৃদ্ধিৰ লগতে অকাল বীৰ্যপাত ৰোধ কৰাত লঙে সহায় কৰে৷ লঙে স্নায়ুতন্ত্ৰক উত্তেজিত কৰি যৌন উত্তেজনা বঢ়োৱাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
লঙত এণ্টিজেনজিভাইটিছ, এণ্টিপ্লাকৰ বৈশিষ্ট্য আছে, যিয়ে দাঁত সুস্থ ৰখাৰ বাবে অপৰিহাৰ্য৷ মুখৰ জীৱাণু প্ৰতিৰোধ, মুখত হোৱা সংক্ৰমণ ৰোধ, মুখৰ দুৰ্গন্ধ দূৰ কৰাত লঙে বিশেষ ভূমিকা পালন কৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...