Home Daily news বিনাইন প্ৰ'ষ্টেট হাইপাৰপ্লেচিয়া কি ?

বিনাইন প্ৰ’ষ্টেট হাইপাৰপ্লেচিয়া কি ?

ডাঃ অৰূপ কুমাৰ নাথ

প্ৰ’ষ্টেট বা পৌৰষ গ্ৰন্থি হৈছে মতা মানুহৰ শৰীৰত মূত্ৰনলীৰ ওপৰৰ অংশক আগুৰি থকা এটা যৌন গ্ৰন্থি। ই সংগমৰ সময়ত প্ৰ’ষ্টেট ৰস নামৰ এবিধ তৰল (হৰম’ন) নিঃসৰণ কৰে যিয়ে স্খলনৰ সময়ত শুক্ৰাণুক পিচ্ছিল কৰি বহনত সহায় কৰে। প্ৰ’ষ্টেট গ্ৰন্থিটো দেখাত আখৰোট বা আলমণ্ডটোৰ দৰে। ইয়াৰ ওজন প্ৰায় ১২ ৰপৰা ১৬ গ্ৰামমান হয়।
সাধাৰণতে বয়সৰ লগে লগে এই গ্ৰন্থি আকাৰ আৰু ওজন বাঢ়িবলৈ ধৰে। ৪০ বছৰমান বয়সৰ পিছৰ পৰা ইয়াৰ বৃদ্ধিৰ ক্লিনিকেল লক্ষণবোৰ দেখা পোৱা যায়। প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি হ’লে, যাক বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লাচিয়া বুলি কোৱা হয়, তেতিয়াই মূত্ৰাশয়ৰ পৰা প্ৰস্ৰাৱৰ প্ৰবাহ কমি যোৱা, প্ৰস্ৰাৱত জোৰ দিব লগা হোৱা বা জোৰ দিলেও প্ৰস্ৰাৱ সম্পূৰ্ণ বন্ধ হোৱাৰ দৰে সমস্যা হ’ব পাৰে। ইয়াৰ ফলত মূত্ৰাশয়, মূত্ৰনলী বা বৃক্কৰ সমস্যাও হ’ব পাৰে। যদিওবা প্ৰ’ষ্টেটৰ বৃদ্ধি কেঞ্চাৰজাতীয়ও হ’ব পাৰে, তথাপি আজি আমি ইয়াত বিনাইন বৃদ্ধিৰ কথাহে আলোচনা কৰিম।

বিনাইন প্ৰ’ষ্টেট বৃদ্ধিৰ লক্ষণসমুহ-
?প্ৰস্ৰাৱৰ সঘনতা – দিনত আঠ বা ততোধিকবাৰ প্ৰস্ৰাৱ
?প্ৰস্ৰাৱৰ তীব্ৰ আকাংক্ষা- প্ৰস্ৰাৱ বন্ধ কৰিবলৈ অক্ষম হোৱা
?প্ৰস্ৰাৱৰ প্ৰবাহ আৰম্ভ কৰাত অসুবিধা
?প্ৰস্ৰাৱৰ প্ৰবাহ দুৰ্বল বা অৱৰুদ্ধ (প্ৰস্ৰাৱ কৰোঁতে সঘনাই ৰখি ৰখি হোৱা)
?প্ৰস্ৰাৱৰ শেষত টোপাল ৰৈ যোৱা
?টোপনিৰ সময়ত সঘনাই প্ৰস্ৰাৱৰ ভাব বা ৰাতি বাৰে বাৰে শোৱাৰ পৰা উঠিব লগা হোৱা
?প্ৰস্ৰাৱ অনিয়ম – হঠাতে প্ৰস্ৰাৱ বন্ধ কৰিব নোৱাৰা
?প্ৰস্ৰাৱ আৰু স্খলনৰ পিছত বিষ হোৱা।

যেতিয়া মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী নহয়, আপোনাৰ মূত্ৰনলীত সংক্ৰমণৰ আশংকা বৃদ্ধি হয়। সময়ৰ লগে লগে, অন্যান্য গুৰুতৰ সমস্যা বিকশিত হ’ব পাৰে; যাৰ ভিতৰত আছে মূত্ৰাশয়ৰ পাথৰ, প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ বা বৃক্কৰ কাম কৰাৰ ক্ষমতা কমি যোৱা বা বহুত বেছি হ’লে বৃক্ক বিকল হোৱাৰ দৰে সমস্যায়ো গা কৰি উঠিব পাৰে।

পৌৰষ গ্ৰন্থি বৃদ্ধিৰ কাৰণঃ

বয়স বঢ়াৰ লগে লগে, বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত বিপিএইচ চিণ্ড্ৰোম হয়।

সকলো পুৰুষৰে হ’বই নেকি?

?যদি পৰিয়ালৰ কাৰোবাৰ প্ৰ’ষ্টেটৰ সমস্যা আছে বা যিকোনো ধৰণৰ টেষ্টিকুলাৰৰ অস্বাভাৱিকতাই প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি কৰাৰ বিপদাশংকা বৃদ্ধি কৰে।

?যিসকল পুৰুষৰ অণ্ডকোষ কম বয়সতে আঁতৰ কৰা হয় তেওঁলোকৰ এই সমস্যা নাই।

তলৰ কাৰকবোৰৰ সৈতে সম্পৰ্কিত পুৰুষসকলে পৌৰষ গ্ৰন্থিৰ আকাৰ বৃদ্ধি হোৱাৰ সমস্যা বিকশিত হোৱাৰ সম্ভাৱনা অধিক, যেনে-

▪৪০ বছৰ বা ডাঙৰ পুৰুষ।
▪যদি পৰিয়ালৰ কাৰোবাৰ আগতে এই সমস্যা হৈছিল।
▪কিছুমান চিকিৎসাজনিত স্থিতি যেনে হৃদৰোগ, ৰক্ত সঞ্চাৰ ৰোগ, মেদবহুলতা, টাইপ 2 ডায়বেটিছ, শাৰীৰিক ব্যায়াম হ্ৰাস। ইৰেক্টাইল ডিচফাংশন

প্ৰ’ষ্টেট বৃদ্ধি কেনেদৰে প্ৰতিৰোধ কৰিব?

বয়সৰ লগে লগে বৰ্ধিত প্ৰ’ষ্টেট আকাৰৰ কিছুমান ঘটনা স্বাভাৱিক হৈ পৰে। লক্ষণবোৰ হ্ৰাস কৰিবলৈ কিছুমান সাৱধানতা আৰু পদ্ধতি ব্যৱহাৰ কৰিব পাৰি, যেনে:

▪কিছুমান পুৰুষে অস্থিৰতা বা চাপত থাকিলে অধিক সঘনাই প্ৰস্ৰাৱ কৰে, এনে ধৰণৰ চাপ হ্ৰাস কৰিবলৈ নিয়মীয়া ব্যায়াম কৰিব পাৰি আৰু ধ্যানৰ দৰে কৌশল ব্যৱহাৰ কৰিব পাৰি।

▪যেতিয়া আপুনি বাথৰূমলৈ যায়, মূত্ৰাশয় খালী কৰিবলৈ প্ৰস্ৰাৱ কৰিবলৈ অলপ বেছি সময় ল’বলৈ চেষ্টা কৰক। এনে কৰাৰ দ্বাৰা, সঘনাই বাথৰূমলৈ যোৱা হ্ৰাস কৰিব পাৰি।

▪যদি আপুনি যিকোনো ধৰণৰ ঔষধ গ্ৰহণ কৰে, ইয়াৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক, কিয়নো কিছুমান ঔষধ থাকিব পাৰে যি এই সমস্যাটো বঢ়াই তুলিব পাৰে। এনে পৰিস্থিতিত, চিকিৎসকে আপোনাৰ পালি সলনি কৰিব পাৰে বা ঔষধ গ্ৰহণ কৰিবলৈ আপোনাৰ সময় সলনি কৰিব পাৰে। কেতিয়াবা চিকিৎসকে আন ঔষধ দিব পাৰে যাৰ ফলত প্ৰস্ৰাৱৰ সমস্যা কম হয়।

▪সন্ধিয়া পনীয়া বস্তু খোৱাৰ পৰিমাণ কমাই দিয়ক , বিশেষকৈ কেফেইনযুক্ত আৰু সুৰাযুক্ত পানীয়। এই দুয়োটা পদাৰ্থই মূত্ৰাশয়ৰ পেশীৰ সঞ্চালন প্ৰভাৱিত কৰে আৰু এই দুটা পদাৰ্থই বৃক্কক প্ৰস্ৰাৱ প্ৰস্তুত কৰিবলৈ উদ্দীপিত কৰে, যাৰ ফলত নিশা অধিক প্ৰস্ৰাৱ হয়।

পথ্য :- পুৰণা চাউল, গমধান, মগু, বাৰ্লি , মূৰি , কুলথ, ৰাজমাহ ,গাজৰ, তিতা কেৰেলা, আলু ,মূলা ,ৰঙালাও, কল, নেমু, প্লাম, আপেল, এলোভেৰা ৰস ,আদা, অন্যান্য সেউজীয়া শাক – পাচলি ইত্যাদি উপকাৰী।

★ অপথ্য :- শীতল পানীয়, ঠাণ্ডা খাদ্য, ময়দা, আমিষ আহাৰ, বেগধাৰণ (মানে শৌচ-প্ৰস্ৰাৱ লাগিলে ৰখাই থৈ দিয়া) ইত্যাদি অপকাৰী।

Most Popular

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...