বাছ-ট্ৰেইনত বহিলেই টোপনি আহে নেকি ?

0
212


বহু লোকৰে বাছ বা ট্ৰেইনত যাত্ৰা কৰিলেই টোপনি আহে৷ এনেদৰে টোপনি আহে যেন তেওঁ একো ক’বই নোৱৰা হৈ পৰে৷ এই কুঅভ্যাসে ওচৰৰ যাত্ৰীজনকো আহুকালত পেলায়৷ কোনো ঠাইলৈ যোৱাৰ আগে আগে সমস্ত প্ৰস্তুতিপৰ্ব শেষ সমাপ্ত কৰি নিজকে প্ৰস্তুত কৰা হয়৷ ইয়াৰ লগতে টোপনিৰ পৰা সোনকালে উঠা বা নিজৰ যাত্ৰাকালৰ আগতীয়া প্ৰস্তুতিক মনত আলোড়িত হৈ থাকে৷ নানা ভাৱনাই জুুমুৰি থাকি কি পাহৰি গ’ল নেকি আদিয়ে ক্ৰিয়া কৰি থাকে, যাৰ ফলত মনটো শৰীৰ-মন দুৰ্বল হৈ পৰে৷ এই ভাববোৰে টোপনিত ব্যাঘাত জন্মায়৷ ইয়াক স্লিপ ডিবট বোলা হয়৷ যাত্ৰাৰ সময়ত বাছ বা গাড়ীৰ শোৱাৰ এইটো এটা অন্যতম কাৰণ৷ গৱেষণাৰ পৰা জনা মতে চলন্ত গাড়ীত এজন লোকৰ তেতিয়াহে টোপনি আহে, যেতিয়া লোকজনৰ বিশ্ৰাম উপযুক্ত স্থান পায়৷ যাত্ৰাৰ সময়ত শৰীৰ আৰু মন একেবাৰে বিশ্ৰাম মুদ্ৰাত অৱস্থান কৰে৷ আনহাতে কৰ্মৰ বোজাত ভাগৰি পৰাৰ পাছত চলন্ত গাড়ীৰ গতিৰ বাবে মৃদু বতাহৰ সংস্পৰ্শলৈ লোকজনে আহে৷ লগতে গাডীত হাউলি যোৱা জোকাৰণিত মানুহৰ চকুদুটা লাহে লাহে মুদিবলৈ আৰম্ভ কৰে৷ আনহাতে যেতিয়া কেঁচুৱাক মাকে কোলাত লৈ নচুৱাই টোপনি নিওঁৱাৰ চেষ্টা কৰে৷ বিজ্ঞানৰ ভাষাত তাক ৰকিং ছেনচেশ্যন বোলা হয়৷ যিসময়ত আমি এটা মুদ্ৰাত হেলান বা দুলিবলৈ ধৰা হয়, মনত সেইসময়ত ছিংকোনাইজিং এফেক্ট পৰে৷ সেই কাৰণে শৰীৰ অৱশ হৈ টোপনিৰ ভাব আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here