ৰাষ্ট্ৰীয় স্তৰত প্ৰশংসা অসমত কৰ্কট ৰোগ প্ৰতিৰোধৰ পদক্ষেপক

0
411

অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত কৰ্কট ৰোগীসকলক অত্যাধুনিক আৰু সুলভ চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে ৰাজ্যখনত আৰম্ভ কৰা কৰ্কট চিকিৎসা কেন্দ্ৰসমূহে ৰাষ্ট্ৰীয় স্তৰতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ 
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে গুজৰাটৰ কেৱডিয়াৰ একতা নগৰত অনুষ্ঠিত কৰা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদ [চি চি এইচ এফ ডব্লিউ]ৰ চতুৰ্দশ সন্মিলনত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে অসমক সকলোৱে প্ৰশংসা কৰে৷ 
সন্মিলনত অংশগ্ৰহণ কৰি  স্বাস্থ্য মন্ত্ৰী মহন্তই আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত নিৰ্মাণ কৰা কৰ্কট চিকিৎসা কেন্দ্ৰসমূহৰ জৰিয়তে অসমত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে লোৱা দূৰদৰ্শী পদক্ষেপৰ প্ৰসংগ বিস্তাৰিতভাৱে উপস্থাপন কৰে৷ বিশেষকৈ স্বাস্থ্য মন্ত্ৰী মহন্তই টাটা ট্ৰাষ্টৰ সহযোগত অসম চৰকাৰে ৰাজ্যখনক দক্ষিণ-পূব এছিয়াৰ কৰ্কট ৰোগ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ চেষ্টা চলোৱাৰ কথা উল্লেখ কৰে৷ 
এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে অসম চৰকাৰে কৰ্কট ৰোগীক সকাহ দিয়াৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে৷ এই স্বাস্থ্য সন্মিলনত অসমৰ প্ৰতিনিধি হিচাপে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু এন এইচ এম, অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই অংশগ্ৰহণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here