গ্লেচিয়াৰবোৰ গলিলে নদীবোৰৰ প্ৰৱাহত কোনো প্ৰভাৱ নপৰে

0
1386

হিমালয়ৰ হিমবাহবোৰ দ্ৰুতগতিত গলিছে আৰু হিমবাহবোৰ নোহোৱা হৈ গ’লে পৰিণাম গুৰুতৰ হ’ব, ভাৰতৰ নদীবোৰ শুকাই যাব বুলি কৰা দাবী মিছা৷ এখন নতুন পেপাৰত দুজন ব্যক্তিয়ে কয় যে হিমবাহবোৰ গলি যি পানী গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰৰে বৈ যায় তাৰ পৰিমাণ মাত্ৰ এক শতাংশমানহে৷ 
জ্যেষ্ঠ সম্পাদক স্বামীনাথন এছ অংক্লেছাৰিয়া আয়াৰ আৰু কেটো ইন্‌ষ্টিটিউটৰ গ্লেচিঅ’লজিষ্ট ভি কে ৰাইনাই তেওঁলোকৰ পেপাৰখনত কয় যে প্ৰায় সকলো নদীৰ পানী বৰষুণৰ পৰা আৰু বৰফ গলাৰ  পৰা জমা হয়৷ কেইবা শতিকাৰ পাছত অৱশেষত হিমবাহবোৰ নোহোৱা হৈ যোৱাৰ পাছতো নদীবোৰ বৈয়েই থাকিব৷ 
গ্লেচিয়াৰবোৰ গলিলে নদীবোৰৰ প্ৰৱাহত কোনো প্ৰভাৱ নপৰে আৰু নদীবোৰ শুকাই নাযায়৷ নতুন অধ্যয়নৰ ভিত্তিত লেখক দুজনে এই উল্লেখযোগ্য কথাটোত গুৰুত্ব দিছে৷ পূৰ্বৰ অধ্যয়নবোৰত স্ন’মেণ্টক গ্লেচিয়েল মাণ্ট বুলি ভুল কৰা হৈছিল৷ 
শেহতীয়া অধ্যয়ন আৰু ভাৰতীয় মহাকাশ সংগঠনৰ কৃত্ৰিম উপগ্ৰহৰ তথ্যৰ উদ্ধৃতি দি পেপাৰখনত কোৱা হৈছে যে হিমালয়ৰ হিমবাহবোৰ ১১,৭০০ বছৰৰ আগৰ শেষ বৰফ যুগৰ পৰাই  গলি আছে আৰু সৰু হৈ গৈছে৷ কিন্তু উষ্ণতা বৃদ্ধি পোৱা সত্ত্বেও শেহতীয়াকৈ  হিমবাহবোৰ গলাটো বৃদ্ধি পোৱা নাই৷ বিভিন্ন তথ্যৰ উদ্ধৃতি দি পেপাৰখনত কোৱা হৈছে যে হিমবাহবোৰৰ পৰা গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰলৈ বৈ অহা পানীৰ পৰিমাণ এক শতাংশমানহে হ’ব৷ গংগাৰ ৯৪ শতাংশ পানী বৰষুণৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here