Home Daily news বন্যাৰ্তলৈ আগবঢ়াওঁ আহক এখনি সহায়ৰ হাত

বন্যাৰ্তলৈ আগবঢ়াওঁ আহক এখনি সহায়ৰ হাত

 ৰাজ্যত হৈ থকা ধাৰাসাৰ বৰষুুণৰ ফলত পুনৰ দিনক দিনে বান পৰিস্থিতিৰ অৱনতি ঘটিছে৷ এইপৰ্যন্ত ৰাজ্যৰ ২৫খন জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বছৰটোৰ দ্বিতীয়টো বানত এইপৰ্যন্ত ৪জনৰ সলিল সমাধি ঘটিছে৷
উল্লেখ্য যে ৰাজ্যৰ প্ৰতিখন নৈ-উপনৈৰ জলস্তৰ সম্প্ৰতি বিপদসীমা অতিক্ৰম কৰিছে৷ বজালী, বঙাইগাঁও, বৰপেটা, বিশ্বনাথ, বাক্‌সা, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা-হাছাও, গোৱালপাৰা, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি আদি জিলাত বানে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ 
আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি, বাক্‌সা, বৰপেটা, কামৰূপ,  গোৱালপাৰা, দক্ষিণ শালমাৰা, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ জিলা প্ৰশাসনক সতৰ্ক কৰি দিছে৷ ইফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বান-ভূমিস্খলনৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে৷ 
আনহাতে হঠাতে ভয়াৱহ ৰূপ ধাৰণ কৰা বানে ৰাজ্যৰ বিভিন্ন স্থানত ৰে’লপথ বুৰাই পেলোৱাত আজি কেইবাখনো ৰে’লৰ চলাচল আদবাটতে স্তব্ধ হৈ পৰে৷ বৰ্তমান বানাক্ৰান্ত লোকৰ অৱস্থা নাজল-নাথল হৈ পৰিছে৷ ৰাজ্যৰ এনে দুৰ্যোগময় পৰিস্থিতিৰ বহু লোকৰ ঘৰ-বাৰী, ঘৰৰ সা-সম্পত্তি, পোহনীয়া জীৱ-জন্তু, ভঁৰালৰ ধানমুঠি সকলো বানে উটুৱাই নিছে৷ 
ইয়াৰ ফলত উৱাদিহ নোপোৱা হৈছে৷ ইফালে বানপানীৰ মাজত ৰুগীয়া বৃদ্ধ লোক, সদ্যোজাত কেঁচুৱাক লৈ কটাবলগীয়া হৈছে৷ বহু বানাক্ৰান্তই এমুঠি অন্ন, বিশুদ্ধ খোৱাপানী, ঔষধ আদি খাবলৈ নাপায় অসহায় জীৱন-যাপন কৰিবলগীয়া হৈছে৷ 
ঘৰ-দুৱাৰ সকলো বানে উটুৱাই নিয়াত থাকিবলৈ ঘৰ নোহোৱাত ৰাস্তাই-ঘাটে নিশা উজাগৰে যাপন কৰিছে৷ সৰ্বোচ্চ হেৰুৱাই এতিয়া বানে ধুৱাই নিয়া লোকসকলে কি কৰিব, ক’ত যাব এক অসহায় পৰিস্থিতিৰ সন্মুখীন হৈছে৷ এনে দুৰ্যোগপূৰ্ণ সময়ত আমি সকলোৱে তেওঁলোকৰ ওচৰত থিয় দিয়াটো নৈতিক দায়িত্ব৷ 
আমি নিজৰ সাধ্যানুসৰি সেইসকল লোকৰ সহায় কৰাটো নিতান্তই প্ৰয়োজনীয়৷ কিয়নো দুখৰ সময়ত মানুহৰ ওচৰত থিয় দিয়া এক উচিত কাম বুলি সকলোৱে জানো৷ আহক আমি হাতে হাত ধৰি এই অসহায়, দুৰ্যোগগ্ৰস্ত লোকসকলৰ ওচৰত থিয় দি সহায়ৰ হাত আগবঢ়াওঁ৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...