পাইলছৰ সমস্যা ভুগিছে নেকি? এইবিধ পাচলি খাওক

0
365

বিশ্বত দিনক দিনে পাইলছ বা অৰ্শ ৰোগত ভোগা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ প্ৰতিবছৰে ৫০ শতাংশৰো বেছি মানুহ এই ৰোগৰ চিকাৰ হৈছে৷ সাধাৰণতে ৫০ বছৰৰ ওপৰৰ ক্ষেত্ৰত এই ৰোগত আক্ৰান্ত হোৱা বেছি দেখা যায়৷ অধিকসংখ্যক মানুহৰ দেহত অৰ্শ বা পাইলছে দেখা দিলে লজ্জাবোধ কৰি বেমাৰটো লুকুৱায়, যাৰ ফলত পাছলৈ এয়ে ভয়াৱহ ৰূপ ল’ব পাৰে৷ অত্যন্ত কষ্টদায়ক এইবিধ ৰোগ যিসকলৰ হয়, তেওঁলোকেহে ইয়াৰ যন্ত্ৰণা অনুভৱ কৰে৷ অৰ্শত আক্ৰান্ত হ’লে মলদ্বাৰৰ অংশ ফুলি উঠে, মল ত্যাগৰ সময়ত অস্বাভাৱিক বিষ অনুভৱ হয়, মলদ্বাৰত জ্বলা-পোৰা ভাব, শৌচৰ লগত তেজ ওলায়, মলদ্বাৰৰ কাষত ফোঁহা ওলায় আৰু এই ফোঁহা ফাটি তেজ নিৰ্গত হৈ ৰোগীজনক দুৰ্বল, নিশকতীয়া কৰে৷ এই ৰোগত ভুগিছে বহুতো চিকিৎসা পদ্ধতি গ্ৰহণ কৰা হয়৷ ইয়াৰ লগতে চিকিৎসকে নানা পৰামৰ্শ দিয়ে যদিও ঘৰুৱাভাৱে এই ৰোগত পৰা হাত সাৰিব পাৰি৷ সহজে বাৰীত পোৱা ওলৰ সহায়ত অৰ্শ ৰোগত পৰা নিৰাময় পাব পাৰি৷ ওল খালে পাইলছৰ পৰা মুক্তি পোৱা যায় লগতে একাধিক শাৰীৰিক সমস্যা ওলে নিৰাময় কৰিব পাৰে৷
আয়ুৰ্বেদ মতে ওল নিয়মিতভাৱে খালে কোষ্ঠকাঠিন্য সমস্যাৰ দূৰ হয়৷ যিসকল লোকে পেটৰ বিষত ভুগি আছে, কৃমিৰ পৰা উপশম পাবলৈ, গেছৰ সমস্যা, এচিডিটি আদিৰ পৰা নিৰাময় পাবলৈ ওল যথেষ্ট উপকাৰী৷ ওলত ভিটামিন-বি৬, ভিটামিন-বি১, ৰাইবোফ্লেভিন, ফলিক এচিড, নিয়াছিন, ভিটামিন-এ, কেৰোটিন আদি প্ৰচুৰ পৰিাণে থাকে৷ ইয়াৰ উপৰি ওলত প্ৰ’টিন, পটেচিয়াম, ফাইবাৰ পোৱা যায়, যি শৰীৰৰ বিভিন্ন ৰোগৰ নিৰ্মূলত সহায় কৰে৷ পাইলছ নিৰাময়ৰ বাবে ওলৰ উপৰি মিঠা আলু, গাজৰ, তৰমুজ আদি খাদ্য তালিকাত ৰাখিব লাগে৷ আনহাতে মছলাযুক্ত খাদ্য কমকৈ খোৱা, এলকহল বৰ্জন কৰা, দুগ্ধজাত খাদ্য, পনীৰ, চিজ, মাখন আদি এৰাই চলিলে পাইলছ বা অৰ্শ ৰোগৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here