যোগ প্ৰতিজন ব্যক্তিৰ বাবে উপযোগী : ৰাজ্যপাল মুখী

0
329

ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগিতাত যোগ উৎসৱ-২২১ শুভাৰম্ভ কৰা হয়৷ তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই কাৰ্যসূচী উদ্বোধন কৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়ায় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই৷ 
উদ্বোধনী ভাষণত ৰাজ্যপাল অধ্যাপক মুখীয়ে যোগৰ প্ৰয়োজনীয়তা, প্ৰকৃত মানুহ হিচাপে জীয়াই থাকিবলৈ যোগ চৰ্চাত সকলোকে গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তেওঁ আৰু কয় যে যোগ প্ৰতিজন ব্যক্তিৰ বাবে উপযোগী৷ সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ বিত্তীয় তথা পৰিকল্পনা বিভাগৰ সঞ্চালক বাবুল বৰাই শলাগৰ শৰাই আগবঢ়ায়৷ 
উল্লেখ্য যে এই উদ্বোধনী অনুষ্ঠানৰ পাছতে বিশ্ববিদ্যালয়খনৰ ৰূপনগৰস্থিত চৌহদত যোগৰ বিভিন্ন ডেম’ষ্টেচন, যোগৰ বিভিন্ন প্ৰতিযোগিতা, যোগ বিষয়ক গৱেষণা পত্ৰ পাঠ, আলোচনা-চক্ৰ অনুষ্ঠিত হৈছে৷ এই আলোচনা-চক্ৰত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন ছাত্ৰ, গৱেষক, যোগ বিদ্বান তথা আয়ুষ মন্ত্ৰ্যালয়ৰ উচ্ছপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰিছে বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here