Home Daily news প্ৰাকৃতিক অস্থিৰতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান ?

প্ৰাকৃতিক অস্থিৰতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান ?

অসম বিধানসভাত ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই জলবায়ু পৰিৱৰ্তনে দেশ তথা ৰাজ্যৰ প্ৰতি কঢ়িয়াই অনা ভয়াৱহতাৰ কথা প্ৰকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰাকৃতিক অস্থিৰতাৰ সন্মুখীন হোৱা দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসম পঞ্চম স্থান আছে৷ আনহাতে দেশৰ স্পৰ্শকাতৰ ২৫ খন জিলাৰ ভিতৰত অসমৰ ১৫ খন জিলাৰ নাম আছে বুলি উল্লেখ কৰে৷ আটাইতকৈ উদ্বেগৰ কাৰণ হৈছে যে দেশৰ এই জিলাসমূহৰ নামৰ তালিকাত অসমৰ কৰিমগঞ্জ জিলাৰ নাম একেবাৰে শীৰ্ষত আছে৷ অসমৰ কৰিমগঞ্জৰ উপৰি গোৱালপাৰা, ধুবুৰী, দৰং, শোণিতপুৰ, গোলাঘাট, কাছাৰ, বৰপেটা, তিনিচুকীয়া, কোকৰাঝাৰ, বাক্সা, মৰিগাঁও, ডিব্ৰুগড়, শিৱসাগৰ, হাইলাকান্দি এই জিলাকেইখনত জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ প্ৰভাৱ পৰিছে৷ আনহাতে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰায়ো জলবায়ু পৰিৱৰ্তন প্ৰভাৱত ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা সদৰী কৰে৷ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ পাঁচখন জিলাত এইবছৰ খৰাংসদৃশ পৰিৱেশে বিৰাজ কৰিছে৷ চলিত বৰ্ষৰ জুলাই মাহৰ শেষৰ পৰা আগষ্ট মাহলৈ ৰাজ্যত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট কম৷ যাৰ ফলত ভোগ কৰিবলগীয়া হৈছে কৃষকসকলে৷ পথাৰত পানী অভাৱত বাবে ছিৰাল ফাট মেলা পৰিলক্ষিত হৈছে৷ পানীৰ অভাৱৰ বাবে ধানখেতিত বিৰূপ প্ৰভাৱ পৰিছে৷ অনাগত সময়ত ইয়াৰ ফল  খেতি কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ ওপৰত পৰাটো নিশ্চিত হৈছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...