কেইবাখনো ৰাজ্যত লাম্পি স্কিন ৰোগত গোধনৰ অস্বাভাৱিকভাৱে মৃত্যু

0
207

লাম্পি স্কিন ডিজিজত মৃত্যু হোৱা গৰুৰ সংখ্যা ২৩ ছেপ্টেম্বৰত ৯৭,৪৩৫টালৈ বৃদ্ধি পাইছে৷ তিনি সপ্তাহৰ আগতে এই ৰোগত মৃত্যু হোৱা গৰুৰ সংখ্যা আছিল ৪৯,৬৮২টা৷ অৰ্থাৎ তিনি সপ্তাহত মৃত গৰুৰ সংখ্যা দুগুণ বৃদ্ধি পালে৷ চৰকাৰী তথ্যৰ পৰা এই কথা জানিব পৰা হৈছে৷ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ পৰা পোৱা তথ্য মতে ২৩ ছেপ্টেম্বৰলৈকে ১৫খন ৰাজ্যৰ ২৫১খন জিলাৰ ২০লাখতকৈ অধিক গৰু  এই ৰোগত আক্ৰান্ত হৈছে৷ ৩০ আগষ্টত উক্ত বিভাগৰ ৰাজ্যিক
মন্ত্ৰী সঞ্জীৱ কুমাৰ বাল্যানে জনাইছিল যে দেশৰ ১৬৫খন জিলাত ১১.২ লাখ গৰু আক্ৰান্ত হৈছে আৰু ৪৯,৬৮২টাৰ মৃত্যু হৈছে৷ আক্ৰান্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে গুজৰাট, হিমাচল প্ৰদেশ, পঞ্জাব, ৰাজস্থান, উত্তৰাখণ্ড, মধ্য প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, গোৱা, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, দিল্লী আৰু বিহাৰ৷ চৰকাৰী সূত্ৰ মতে আক্ৰান্ত ২০.৫৬ লাখ গৰুৰ ভিতৰত ১২.৭০ লাখে আৰোগ্য লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here