Home Fitness Plus প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা

প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা


শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত হ’লেও একো অসুবিধা নেদেখুৱায় বাবে ইয়ে পাছলৈ ভয়াৱহভাৱে গতি কৰে৷ যাৰ ফলত কিডনীজনিত সমস্যাবোৰ ধৰা পৰাৰ পাছত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ সেয়ে সময় থাকোঁতেই কিডনীৰ বিকাৰৰ লক্ষণ তথা ইয়াৰ পৰা হোৱা অসুবিধাবোৰ চিনাক্ত কৰি বিহিত ব্যৱস্থা লোৱা খুবেই জৰুৰী৷ জানো আহক কিডনীজনিত লক্ষণ তথা পেচাবৰ কিধৰণৰ সমস্যাসমূহ হ’লে জানিব কিডনীৰ বিকাৰৰ কথা৷
কিডনীৰ সমস্যাৰ অন্যতম লক্ষণ হ’ল ক্লান্তি ভাব৷ কিডনী তেজক পৰিশ্ৰুত কৰে৷ কিডনীৰ ৰোগ তথা অসুবিধা হ’লে এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়৷ তেজ পৰিশ্ৰুতত বাধাৰ সৃষ্টি হৈ তেজত থকা বিষাক্ত আৰু অপ্ৰয়োজনীয় উপাদান বাঢ়িবলৈ ধৰে৷ কিডনীৰ সমস্যা হ’লে কামৰ কৰা উদ্যম নোহোৱা হয়, অনৱৰতে ভাগৰ, ক্লান্তি লাগি থাকে৷
কিডনীৰ সমস্যাই দেখা দিলে শৰীৰত ছডিয়ামৰ ভাৰসাম্য বজাই নাথাকে৷ যাৰ বাবে ভৰি ফুলিবলৈ আৰম্ভ কৰে৷ খনিজ লৱণৰ ভাৰসাম্যৰ অভাৱত শৰীৰৰ পেশীবোৰ টানি ধৰে৷ কেলচিয়াম বা ফচফৰাছৰ অভাৱৰ বাবেও এনে হ’ব পাৰে৷ কিডনীৰ সমস্যা থাকিলে শৰীৰত কেলচিয়াম আৰু ফচফৰাছৰ অভাৱ হোৱা দেখা যায়৷
শৰীৰৰ পৰা বিষাক্ত উপাদান কিডনীয়ে ছালৰ সহায়ত বাহিৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় লৱণ, খনিজ পদাৰ্থৰ ভাৰসাম্যতা ৰক্ষা কৰে৷ ইয়াৰ ফলত ছাল প্ৰাণোচ্ছল, উজ্জ্বল হৈ থাকে৷ হাড়ৰ সুৰক্ষাৰ বাবে কিডনীয়ে কাৰ্যকৰী ভূমিকা পালন কৰে৷ সেয়ে ছাল যথেষ্ট শুষ্ক, ৰুক্ষ হ’লে কিডনীৰ বিকাৰৰ কাৰণ হ’ব পাৰে৷ ছালৰ এনেবোৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
অনিদ্ৰা বা টোপনিৰ অভাৱ হ’লেও কিডনীৰ সমস্যাৰ লক্ষণ হ’ব পাৰে৷ কাৰণ কিডনীয়ে সঠিকভাৱে কাম নকৰিলেহে মূ্‌ত্ৰৰ মাধ্যমেৰে বিষাক্ত পদাৰ্থ বাহিৰ হোৱাত বাধা জন্মে৷ ফলত অনিদ্ৰাই দেখা দিব পাৰে৷ চিকিৎসকৰ মতে কিডনীৰ সমস্যা থাকিলে সোনকালে টোপনি নাহে৷
ঘনাই পেচাব কৰাটো বহুতেই ডায়েবেটিছৰ লক্ষণ বুলি ভাবে যদিও কিডনীৰ বিকাৰৰ বাবেও এনে সমস্যা হ’ব পাৰে৷ সেয়েহে স্বাভাৱিকৰ তুলনাত বেছিবাৰ প্ৰস্ৰাৱ কৰিলে সাৱধান হোৱা ভাল৷ আনহাতে পেচাবত বেছি ফেন ওলোৱাটোও কিডনীজনিত ৰোগৰ উপসৰ্গ হিচাপে ধৰা হয়৷ কিডনীজনিত সমস্যাই দেখা দিলে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হয়৷ কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ যোৱাও দেখা যায়৷
সেয়ে এনেবোৰ লক্ষণ দেখিলে সাৱধান হোৱা দৰকাৰ৷ এইধৰণৰ প্ৰাথমিক লক্ষণবোৰ দেখা মাত্ৰকে এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...