প্ৰতিষেধকত পিছপৰি আছে কোন ৮ জিলা || Which 8 districts are lagging behind in immunisation?

0
1155
চলিত মাহতে অসমত ১০০ শতাংশ যোগ্য লোকে যাতে প্ৰথমপালি ক’ভিড প্ৰতিষেধক লাভ কৰে তাৰ বাবে পূৰ্ণোদ্যমে প্ৰয়াস চলাইছে ৰাজ্য চৰকাৰখনে৷ যিহেতু এতিয়াও ৰাজ্যৰ ৮খন জিলাৰ যথেষ্টসংখ্যক লোকে এপালিও ক’ভিড প্ৰতিষেধক লাভ কৰা নাই, সেয়েহে ৰাজ্যৰ স্বাস্থ্য বিভাগে উক্ত লোকসকলক প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ উল্লেখ্য যে প্ৰতিষেধক প্ৰদানত পিছপৰি থকা জিলা হিচাপে চিনাক্ত হোৱা ৰাজ্যৰ আঠখন জিলা ক্ৰমে কোকৰাঝাৰ, গোৱালপাৰা, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, ওদালগুৰি, বাক্‌সা আৰু চিৰাং জিলাৰ উপায়ুক্তকেইজনৰ সৈতে ভিডিঅ’  কনফাৰেন্সিঙৰ জৰিয়তে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত৷ এই বৈঠকত বাকী থকা সকলো যোগ্য লোককে ভেক্‌চিন দিয়াৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ আনহাতে জিলাকেইখনত ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা বৃহৎসংখ্যক লোকক অহা ২১ নৱেম্বৰৰ ভিতৰতে ক’ভিড প্ৰতিষেধক অভিযানৰ জৰিয়তে সামৰি  ল’বৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে এই বৈঠকত পৰ্যালোচনা কৰে স্বাস্থ্য মন্ত্ৰীজনে৷ মন কৰিবলগীয়া যে এইকেইখন জিলাৰ বহু ভিতৰুৱা গাঁও, সীমান্তৱৰ্তী অঞ্চল তথা বাগিচা এলেকাৰ বেছিভাগ বাসিন্দায়েই ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ থকাৰ বিষয়টো স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ হোৱাত স্বাস্থ্য মন্ত্ৰী মহন্ত আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জিলাকেইখনৰ পৰা আমন্ত্ৰণ কৰি অনা ধৰ্মীয় নেতা, থলুৱা পন্থাৰ প্ৰতিনিধি তথা সামাজিক কৰ্মীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল৷ বৈঠকত মন্ত্ৰী মহন্তই প্ৰতিখন জিলাৰে উপায়ুক্তক অহা ২১ নৱেম্বৰৰ ভিতৰতে প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত ১০০ শতাংশ যোগ্য লোকেই প্ৰথমপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিৰ্দিষ্ট কৰিবলৈ সৰ্বাত্মক প্ৰয়াস চলাবলৈ নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here