নখেও দিব পাৰে কেঞ্চাৰ হোৱাৰ আগজাননী (Even your nails can indicate cancer)

0
395
বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে শৰীৰৰ এটা অন্যতম অংগ নখে আমাৰ কোনো ৰোগৰ সম্ভাৱনাৰ আগজাননী দিব পাৰে৷ জানিব পৰা মতে নখৰ কিছুমান বিশেষ বৈশিষ্ট্যই শৰীৰৰ কিছু ৰোগৰ লক্ষণ জানিবলৈ দিয়ে৷ ইয়াৰ মাজৰে কেঞ্চাৰো অন্যতম৷

বিশেষজ্ঞৰ মতে আমাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নখ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ৷ নখ হ’ল কেৰোটিন নামৰ এবিধ পুষ্টিৰ সমন্বয়ৰে গঠিত অংগ৷ শৰীৰত পুষ্টিৰ অভাৱ হ’লে কেৰোটিনৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷

5 disgusting reasons that will make you stop biting your nails forever - Lifestyle News

যদি আপোনাৰ নখৰ ৰঙৰ পৰিৱৰ্তন হয়, হঠাৎ নখৰ আকৃতি সলনি অথবা নখৰ বৃদ্ধি অস্বাভাৱিক হয়, তেতিয়া বুজিব যে আপোনাৰ শৰীৰত কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে৷
বহু সময়ত নখ মোটা হোৱা, গধুৰ গধুৰ লগা হ’ব পাৰে৷ অথবা অৱশ বা দুৰ্বল লগাও হ’ব পাৰে৷ তেতিয়াও সাৱধান হোৱা দৰকাৰ, কিয়নো শৰীৰৰ সংক্ৰমণ হোৱাৰ বাবেহে তেনে লগা হয়৷
সাধাৰণতে থাইৰয়েডৰ সমস্যা থাকিলে নখ সোনকালে ভাঙি যোৱাৰ আশংকা থাকে৷

Nail bed injury: Pictures, types, and treatments

চিকিৎসকৰ মতে ছালত একধৰণৰ কেঞ্চাৰ ৰোগ হয়, যদি নখৰ ৰঙৰ পৰিৱৰ্তন হয়৷ প্ৰথমে নখৰ তলত এটা ক’লা দাগ দেখা দিব পাৰে৷ তাৰ পাছত নখৰ ৰং নাইকিয়া হৈ ক্ৰমান্বয়ে গোটেই নখটোৱে ক’লা ৰঙৰ হৈ পৰে৷ লাহে লাহে নখটোৰ শক্তি কমি আহিবলৈ ধৰে আৰু পাছত নখটো পাতল হৈ ভাঙি যায়৷ নখৰ ৰং সলনি হ’লে অৱহেলা নকৰি ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ কিয়নো এনে অৱস্থাই কেঞ্চাৰ ৰোগৰ আগজাননী হ’ব পাৰে৷
সেয়েহে নখৰ ৰং সলনি হ’লে অৱহেলা নকৰি ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা খুবেই প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here