Home Daily news প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?

প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?


পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ সমীপৰ পাণবেচা অঞ্চলৰ ঐতিহাসিক গড়কোষ ল’ৰাপোতা নাওজান গাঁৱৰ বৰগিলা বিলৰ সমীপৰ পথাৰত হৃদয়বিদাৰকভাৱে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই শিৱসাগৰৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰকৃতিৰ জামাদাৰখ্যাত এই শগুনৰ জাকটোৱে খাদ্যৰ সন্ধানত আকাশত উৰি থকাৰ মাজতেই পথাৰৰ মাজত এটা মৰা গৰু দেখা পায়৷ তাৎক্ষণিকভাৱে অৰ্ধশতাধিক শগুনে মৃত গৰুটোক ভক্ষণ কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু অজান এই পক্ষীকুলে ভবা নাছিল মৃত গৰুটোত কোনো দুষ্কৃতিকাৰীয়ে মিহলাইছিল বিষাক্ত পদাৰ্থ৷ যাৰ ফলত এই মৰা গৰু ভক্ষণ কৰাৰ পাছতেই কৰুণভাৱে ২৫টা বিৰল প্ৰজাতিৰ শগুনে অকালতে মৃত্যুক আঁকোৱালি লয়৷ অভিযোগ অনুসৰি, মৰা গৰুটোত কোনো দুষ্কৃতিকাৰীয়ে বিষাক্ত পদাৰ্থ মিহলি কৰাত এই শগুনকেইটাই এনে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগাত পৰে৷ সমান্তৰালভাৱে মৃত গৰু ভক্ষণ কৰা শগুন গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ পথাৰৰ মাজত ছট্‌ফটাই থকা শগুনকেইটাক বচাবলৈ সেই সময়ত কোনো ব্যক্তি নথকাৰ বাবেই শগুনকেইটাই এনে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগাত পৰে৷ জানিব পৰা মতে, পথাৰৰ কাষৰ কেইগৰাকীমান সচেতন ব্যক্তিয়ে শগুনকেইটাক প্ৰত্যক্ষ কৰি তৎক্ষণাৎ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ অসুস্থ শগুনকেইটাক চ’ৰগুৱা পানীদিহিং পশু চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে৷ মৃত শগুনকেইটাৰ শৰীৰৰ কিছু অংশ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পক্ষীৰ সুৰক্ষিত সন্ধানত থকা নেচাৰ্ছ বেকনৰ শিৱসাগৰ সমন্বয়ক জেহিৰুদ্দিন খানে ২৫টা শগুনৰ এনে অস্বাভাৱিক মৃত্যুত ব্যথিত হোৱাৰ লগতে এই ঘটনাৰ এক উচিত তদন্ত দাবী কৰে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...