বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ

0
160


বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল দেখিছেনে কোনোবাই৷ হয়, ঠিকেই শুনিছে এতিয়াৰ পৰা বজাৰত সহজলভ্য হ’ব উৰন্ত মটৰচাইকেল অৰ্থাৎ আকাশত উৰিব পৰা মটৰচাইকেল৷ আৰু ইয়াৰ বাবে ইতিমধ্যে বুকিং আৰম্ভ হৈ গৈছে৷ এই মটৰ চাইকেলখন ৩০ মিনিটলৈকে প্ৰতি ঘণ্টাত ৯৬ কিলোমিটাৰ গতিত উৰিব পাৰে৷ ইয়াৰ প্ৰাৰম্ভিৰ মূল্য নিৰ্ধাৰণ কৰিছে ৩.১৫ কোটি টকা৷ এই উৰন্ত মটৰচাইকেলখনৰ ওজন হ’ল ১৩৬ কিলোগ্ৰাম৷ ইয়াৰ লগতে এই মটৰচাইকেলখনে ২৭২ কিলোগ্ৰাম ওজনৰ বোজা কঢ়িয়াব পাৰে৷ বাহনখন ৰিমটৰ জৰিয়তেও নিয়ন্ত্ৰণ কৰিব পাৰি৷ এই চাঞ্চল্যকৰ মটৰচাইকেলখন নিৰ্মাণ কৰি উলিয়াইছে আমেৰিকান কোম্পানী জেটপেক এভিয়েশ্যন প্ৰতিষ্ঠানে৷ প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি এই মটৰচাইকেলখন প্ৰকৃততে এক এয়াৰ ইউটিলিটি বাহন৷ কেৱল জৰুৰীকালীন চিকিৎসা আৰু অগ্নিনিৰ্বাপনৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here