Home Daily news প্লাষ্টিকৰ আৱৰ্জনাই বিনষ্ট কৰিছে পৰিৱেশৰ ভাৰসাম্য

প্লাষ্টিকৰ আৱৰ্জনাই বিনষ্ট কৰিছে পৰিৱেশৰ ভাৰসাম্য

এক জুলাইৰ পৰা সমগ্ৰ দেশতে একক ব্যৱহাৰ হোৱা প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়৷ একক ব্যৱহাৰৰ সামগ্ৰীবোৰ হৈছে কেৱল এবাৰ ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হয়৷ সামুদ্ৰিক পৰিৱেশকে ধৰি স্থলজ আৰু জলজ পৰিস্থিতিতন্ত্ৰত একক ব্যৱহাৰৰ প্লাষ্টিক ব্যৱহাৰৰ প্ৰতিকূল প্ৰভাৱ দেখা যায়, যি এক বিশ্বব্যাপী উদ্বেগৰ বিষয় হৈ পৰিছে৷ পৰিৱেশ, বন আৰু  জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে জনাইছে যে চৰকাৰে প্লাষ্টিকৰ সামগ্ৰীৰ চিনাক্ত কৰা একক ব্যৱহাৰ নিষিদ্ধ কৰিছে৷
চিনাক্ত কৰা  একক ব্যৱহাৰ প্লাষ্টিক সামগ্ৰীবোৰৰ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে৷ উল্লেখ্য যে ব্ৰিটেইনৰ ‘ৱেইষ্ট এইড’ নামৰ বেচৰকাৰী সন্থাৰ উদ্যোগত বিশ্বজুৰি বৰ্জিত আৱৰ্জনাৰ প্ৰত্যাহ৩ানত জৰ্জৰিত চহৰসমূহক সাঙুৰি পুনঃনবীকৰণৰ বৈপ্লৱিক ধাৰণা আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত কৰি অহা হৈছে৷ 
ৱেইষ্ট এইডৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰ বৰ্তমান এছিয়াৰ অন্যতম এখন চহৰ হৈ পৰিছে যিয়ে বৰ্জিত আৱৰ্জনাৰ সৈতে প্ৰত্যাহ৩ান কৰিবলগীয়া হৈছে৷ উপযুক্ত নৱীকৰণ পদ্ধতি অথবা পুনৰ উৎপাদন যন্ত্ৰৰ অভাৱত গুৱাহাটী প্লাষ্টিক জাতীয় আৱৰ্জনাৰে ভৰি পৰিছে৷ গুৱাহাটীত প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জন সজাগতাৰ দিন বাগৰাৰ লগে লগে ফুটুকাৰ ফেনত পৰিণত হৈছে৷ 
গুৱাহাটী মহানগৰৰ  পৰিৱেশ প্ৰদূষণৰ এক অন্যতম কাৰণ হৈছে প্লাষ্টিকৰ ব্যৱহাৰ৷ সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ আমি প্লাষ্টিক বেগ বৰ্জন কৰিব লাগিব৷ কিন্তু এই অসাধু ব্যৱসায়ীসকলে প্লাষ্টিক বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে৷ সমীক্ষা মতে, ২০০৪ চনত গুৱাহাটীত দৈনিক ৫০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হৈছিল৷ 
এতিয়া এই পৰিমাণ বৃদ্ধি হৈ দৈনিক ৩৭০ টন আৱৰ্জনা উৎপন্ন হয়৷ সমগ্ৰ গুৱাহাটী মহানগৰত প্লাষ্টিক আৱৰ্জনাৰ বিকল্প চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হোৱা নাই৷ গুৱাহাটীত দৈনিক উৎপন্ন হোৱা মুঠ প্লাষ্টিক আৱৰ্জনাৰ ৬০ শতাংশ পৰিশোধনযোগ্য আৰু ৪০ শতাংশ পৰিশোধন কৰিব নোৱৰা প্লাষ্টিক৷ 
উল্লেখ্য যে প্লাষ্টিক প্ৰদূষণে বৰ্তমান সময়ত চহৰাঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্লাষ্টিকৰ বৰ্জিত আৱৰ্জনা পৰিশোধন কৰাৰ ব্যৱস্থা আজিও ৰাজ্যত গঢ়ি উঠা নাই৷ চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্জিত প্লাষ্টিকে পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি অদূৰ ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...