ৰাজ্যত পুনৰ দ্ৰুতগতিত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

0
347

ৰাজ্যত ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আঠ জুলাইত ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈছে মুঠ ২৭৩জনকৈ লোক৷ অৱশ্যে ক’ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি মত প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ 
মন্ত্ৰীজনৰ মতে, ক’ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে সাজু হৈ আছে৷ আনহাতে সম্প্ৰতি ৰাজ্যখনত ক’ভিডৰ যিটো ভেৰিয়েণ্টৰ সংক্ৰমণ চলি আছে উক্ত ভেৰিয়েণ্টটো যথেষ্ট দুৰ্বল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰায়সংখ্যক লোকেই ইতিমধ্যে দুয়োপালি ক’ভিডৰ ভেক্‌চিন গ্ৰহণ কৰিছে৷ 
সেয়েহে ক’ভিডৰ সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷ ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত কুমাৰ বৈশ্যই ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে৷ তেওঁ কয় যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, সকলো সতৰ্ক হৈ থাকক৷ 
উল্লেখ্য যে ৰাজ্যখনত শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ সকলোতকৈ অধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত৷ আঠ জুলাইত ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা মুঠ ২৭৩জন লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১০০জনকৈ লোক৷ ইফালে যোৱা এটা পষেক পূৰ্বে ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণৰ হাৰ দুই শতাংশৰ তলত আছিল যদিও এই হাৰ বৃদ্ধি পাই হৈছেগৈ ১০.৩৮ শতাংশ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here