Home Daily news পূৰবী ডেইৰীৰ বিজ্ঞানসন্মত মৌ পালনৰ প্ৰশিক্ষণ

পূৰবী ডেইৰীৰ বিজ্ঞানসন্মত মৌ পালনৰ প্ৰশিক্ষণ

আনুষং¸গিক কাৰ্যকলাপৰ জৰিয়তে দুগ্ধ খেতিয়কৰ উপাৰ্জন বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে, ৰাষ্ট্ৰীয় মৌমাখি পৰিষদৰ সহযোগত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ মিনি মিছন-ৰৰ অধীনত এক বিজ্ঞানসন্মত মৌ পালন প্ৰশিক্ষণ কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰে৷ পূৰবী ডেইৰী নামেৰে জনাজাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডক (WAMUL) NDDB-এ মৌ কৃষক উৎপাদক সংস্থা গঠন আৰু ভাৰত চৰকাৰৰ এফ পি অ’ আঁচনিৰ অধীনত মৌ গোটৰ বিকাশৰ বাবে ক্লাষ্টাৰ আধাৰিত ব্যৱসায় সংস্থা হিচাপে তালিকাভুক্ত কৰিছে৷ এই প্ৰকল্পটোৱে কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত হাজোৰ কাৰ্যকৰী এলেকাবোৰত মৌ পালনকাৰী মৌ গোট সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে, এনেদৰে বৰ্তমানৰ দুগ্ধ মূল্য শৃংখলাৰ সৈতে দুগ্ধ উৎপাদকসকলৰ বাবে জীৱিকাৰ এক নতুন উৎস সৃষ্টি কৰিব৷ এন বি এইচ এমৰ মিনি মিছন-১ৰ অধীনত বৈজ্ঞানিক মৌ পালনৰ এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী আঞ্চলিক পশুধন উদ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানত আয়োজন কৰা হৈছিল৷  প্ৰশিক্ষণ কাৰ্যসূচীত ২৫জন অংশগ্ৰহণকাৰী আছিল আৰু সঞ্জীৱ তোমাৰ আৰু বিষ্ণু জাংগলে নামৰ দুজন প্ৰশিক্ষকৰ জৰিয়তে ‘তানিষ্ক গ্ৰামীণ সেৱা সংস্থান’ৰ দ্বাৰা প্ৰদান কৰা হৈছিল৷ উল্লেখ কৰিব পাৰি যে উদ্ভিদৰ জৈৱ বৈচিত্ৰ্য বজাই ৰখাত মৌ মাখি গুৰুত্বপূৰ্ণ, আৰু মৌ পালনে ক্ৰছ পৰাগৰণৰ জৰিয়তে মুখ্য কৃষি আৰু উদ্যান শস্যৰ উৎপাদন বৃদ্ধি কৰাত অনুঘটক হিচাপে কাম কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,