দেশৰ বিভিন্ন ঠাইত বিক্ৰী হৈছে অসমৰ শিশু-মহিলা

0
1215

দেশৰ বিভিন্ন প্ৰান্তত পণ্যৰ দৰে বিক্ৰী হৈছে অসমৰ মহিলা-যুৱতী৷ চাকৰিৰ প্ৰলোভন দি অথবা প্ৰেমৰ নাটক কৰি বোৱাৰী-যুৱতীক অসমৰে একাংশ মানৱ সৰবৰাহকাৰীৰ এজেণ্টে দিল্লী, হাৰিয়ানা আদি বিভিন্ন স্থানত লৈ গৈ বিক্ৰী কৰে৷ জামুগুৰিহাটৰ এগৰাকী তিনিটা সন্তানৰ মাতৃক হাৰিয়ানাত বিক্ৰী কৰাৰ পাছত পলাই আহি অসমত উপস্থিত হোৱাত পোহৰলৈ আহিছে মানুহক বেচা-কিনা কৰাৰ বৃহৎ বজাৰৰ ভয়ংকৰ তথ্য৷ জামুগুৰিহাট অঞ্চলৰ এগৰাকী মহিলা তিনি সন্তানসহ ছমাহ পূৰ্বে সন্ধানহীন হৈছিল৷  কিন্তু  নিৰুদিষ্ট মহিলাগৰাকী আহি উপস্থিত হৈ নিজ সন্তানকেইটাক বিচাৰি জামুগুৰিৰ থানাত গোচৰ দিয়াতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ মহিলাগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি, জামুগুৰিৰ জয়সিদ্ধিৰ বিতু বৰা যুৱকজনে মহিলাগৰাকীৰ তিনিটা সন্তানৰ দায়িত্ব ল’ম বুলি প্ৰতিশ্ৰুতি দি দিল্লীলৈ নি এটা অসৎ চক্ৰৰ হাতত প্ৰায় ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰে৷ ইয়াৰ পাছত দিল্লীৰ চক্ৰটোৱে হাৰিয়ানাত কোনো এজন ব্যক্তিৰ লগত মহিলাগৰাকীক বিয়া দিয়ে৷ ইয়াৰ বিনিময়ত দিল্লীৰ চক্ৰটোৱে হাৰিয়ানাৰ দৰাৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰে৷ মহিলাগৰাকীয়ে জামুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ শোণিতপুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত তদন্ত চলাই অভিযুক্ত বিতুক গ্ৰেপ্তাৰ কৰাত সকলো তথ্য পোহৰলৈ আহে৷ এই তথ্যৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত এটা বিশেষ দল গঠন কৰি অভিযান আৰম্ভ কৰে৷ শোণিতপুৰ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে জিলাখনত সংঘটিত মানৱ সৰবৰাহ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট ইতিমধ্যে গঠন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here