Home Daily news ধঁপাত সেৱনৰ ভয়াৱহতাক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

ধঁপাত সেৱনৰ ভয়াৱহতাক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে গুৱাহাটীত কনজুমাৰ্ছ লিগেল প্ৰটেক্‌শ্যন ফ’ৰাম, অসম আৰু কনজুমা ভয়েচ, নতুন দিল্লীৰ উদ্যোগত তথা অসম চাইকেলিং সন্থা আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত চাইকেলাথন কাৰ্যসূচী অনুষ্ঠিত হয়৷ 
এই কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক যুৱ চাইকেলিষ্টক উৎসাহিত কৰে৷ ইয়াৰ পূৰ্বে বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা চাইকেলাথন কাৰ্যসূচীৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ আই জি পি দেৱৰাজ উপাধ্যায়, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, উপ কৰ আয়ুক্ত ফুলেশ্বৰ বসুমতাৰী, নৰ্থ ইষ্ট কেঞ্চাৰ ইন্‌ষ্টিটিউট এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই৷ 
শেহতীয়া গ্ল’বেল য়ুথ টবাক ছাৰ্ভেৰ উদ্ধৃতি দি বক্তাসকলে কয়  যে ভাৰতৰ ১৩-১৫ বছৰ বয়সৰ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে৷  কৰ্কট ৰোগৰ অন্যতম কাৰণ ধঁপাত সেৱন বুলিও তেওঁলোকে সতৰ্ক কৰি দিয়ে৷ তেওঁলোকে ধঁপাত ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়৷ 
খানাপাৰাৰ পৰা উলুবাৰী হৈ পুনৰ খানাপাৰালৈ উভতি অহা চাইকেলিষ্টসকলে ধঁপাত বিৰোধী আইন শক্তিশালী কৰা, যুৱ প্ৰজন্মক ধঁপাতৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰা, ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আৰম্ভ কৰা আদি সন্দৰ্ভত সৰ্বসাধাৰণ লোকৰ মাজত ব্যাপক সজাগতা অভিযান চলায়৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...