![1 (50)](data:image/svg+xml,%3Csvg%20xmlns='http://www.w3.org/2000/svg'%20viewBox='0%200%20696%20392'%3E%3C/svg%3E)
আপোনাৰ দুৱাৰমুখত আয়ুষ্মান আঁচনি ৷ অসম চৰকাৰে শীঘ্ৰে ৰাজ্যৰ প্ৰতিটো দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালে হাততে ঢুকি পোৱাকৈ আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰে৷ তেওঁ কয় যে ২০১১ চনত হোৱা আৰ্থ-সামাজিক পিয়লৰ তথ্য অনুসৰি অসমত দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ সংখ্যা ২৭ লাখ ৷ এই লোকসকলে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অন্তৰ্গত চিকিৎসাৰ বাবে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰে৷ কেছলেছ পদ্ধতিৰে এই আয়ুষ্মান কাৰ্ডেৰে চিকিৎসা কৰাব পাৰি৷ ৰাজ্যৰ সকলো দৰিদ্ৰ লোকে এতিয়াও এই কাৰ্ড লাভ কৰা নাই বুলি সদৰী কৰি মন্ত্ৰীজনে কয় যে এতিয়া অসম চৰকাৰে সকলো দৰিদ্ৰ লোকে হাততে এই কাৰ্ড প্ৰস্তুত কৰি ল’ব পৰাৰ ব্যৱস্থা কৰিছে৷ অহা ২২-২৫ ছেপ্টেম্বৰলৈ ৰাজ্যত স্বাস্থ্য বিভাগে আৰোগ্য মন্থন আৰু ১৫-৩০ ছেপ্টেম্বৰলৈ আয়ুষ্মান ভাৰত পষেকজোৰা প্ৰচাৰ অভিযান চলাইছে৷ এই কাৰ্যসূচীৰ পাছতে স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা মিনি স্বাস্থ্য কেন্দ্ৰপৰ্যন্ত আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰিব পৰাৰ সুবিধা দিব৷ স্বাস্থ্য বিভাগে এই কাৰ্যসূচীক ‘আপোনাৰ দুৱাৰমুখত আয়ুষ্মান’ নামকৰণ কৰা বুলিও তেওঁ সদৰী কৰে৷ আয়ুষ্মান আঁচনিৰ লগতে BPL, APL সকলো লোকে অটল অমৃত যোজনাৰ সুবিধাও লাভ কৰিব বুলি তেওঁ সদৰী কৰে৷ লক্ষণীয় যে অসম চৰকাৰে ৰাজ্যত আয়ুষ্মান আঁচনিৰ চিকিৎসা সুবিধা লাভ কৰিবলৈ ৩৩৫খন চিকিৎসালয়ক সামৰি লৈছে বুলিও সদৰী কৰে৷ আনহাতে হিতাধিকাৰীসকল চৰকাৰী চিকিৎসালয়লৈ যোৱাৰ সময়ত সহায় কৰিবৰ বাবে আৰোগ্য মিত্ৰ নিয়োগ কৰা হৈছে৷