Home Daily news দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাতঅসমৰ পাঁচখনকৈ চহৰ অন্তৰ্ভুক্ত

দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাতঅসমৰ পাঁচখনকৈ চহৰ অন্তৰ্ভুক্ত

অসমবাসীৰ বাবে অশনি সংকেত৷ দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ পাঁচখনকৈ চহৰ৷ ৰাজ্যবাসীৰ বাবে উদ্বেগজনক এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌৱে শেহতীয়াকৈ সংসদৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি দেশৰ ১৩১ খন প্ৰদূষিত চহৰৰ ভিতৰত অসমৰ পাঁচখন চহৰ ক্ৰমে গুৱাহাটী, নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰ অন্তৰ্ভুক্ত হৈছে৷ সকলোতকৈ ডাঙৰ কথা যে প্ৰতিবছৰে ৰাজ্যখনত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, ২০২০-২১ বৰ্ষতকৈ  ২০২০-২১ বৰ্ষত নগাঁও, নলবাৰী আৰু শিলচৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা ভয়ানকভাবে বৃদ্ধি পাইছে৷ ২০২০-২১ বৰ্ষত নগাঁৱৰ বায়ুত পিএম ১০১ মাত্ৰা ৯০ আছিল যদিও ২০২১-২২ বৰ্ষত ১০৪ লৈ বৃদ্ধি পায়৷ ঠিক সেইদৰেই এই সময়ছোৱাত নলবাৰীৰ  বায়ুত পিএম ১০১ মাত্ৰা ৫৭ ৰ পৰা ৯৯ লৈ, শিলচৰত  পিএম ১০১ মাত্ৰা ৪৩ ৰ পৰা ৪৫লৈ বৃদ্ধি পাইছে৷ আনহাতে ২০২১-২২ বৰ্ষত গুৱাহাটীৰ বায়ুত পিএম ১০১ মাত্ৰা ১০৩ আৰু শিৱসাগৰত পিএম ১০১ মাত্ৰা হৈছে ৪৭৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে অসমৰ বায়ু কিদৰে প্ৰদূষিত ৈহছে৷ উল্লেখ্য যে দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজধানী চহৰ দিল্লীত আনকি ডিজেল চালিত বাহনৰ চলাচলো প্ৰশাসনে বন্ধ কৰি দিছে৷ এনে পৰিস্থিতিত অসমত দিনক দিনে বায়ু প্ৰদূষণ বৃদ্ধি পোৱাটো সকলোৰে বাবে এক উদ্বেগৰ বিষয় হৈ পৰিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...