দেশৰ কিমান শতাংশ প্ৰাকৃতিকগেছ অসমৰ ভূগৰ্ভত আছে

0
163

অসমৰ ভূগৰ্ভত সঞ্চিত হৈ আছে এক বিশাল প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ৷ দেশত সঞ্চিত হৈ থকা মুঠ প্ৰাকৃতিক গেছৰ ৩৬ শতাংশ প্ৰাকৃতিক গেছেই অসমত আছে৷ কিন্তু অসমৰ ভূমিত সঞ্চিত হৈ থকা এই প্ৰাকৃতিক গেছ আজিও উপযুক্তভাৱে আহৰণ কৰিব পৰা হোৱা নাই৷ বৰঞ্চ ২০২০-২১ বৰ্ষত পূৰ্বতকৈ অসমত হ্ৰাসহে পাইছে প্ৰাকৃতিক গেছ আহৰণৰ পৰিমাণ৷ খোদ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিষ্কাশন কৰিব পৰাকৈ অসমৰ ভূগৰ্ভত নিহিত হৈ আছে ১৪৪.৩ বিলিয়ন কিউবিক মিটাৰৰ প্ৰাকৃতিক গেছ৷ অসমৰ ভূগৰ্ভত নিহিত হৈ থকা সুবিশাল এই  গেছৰ বজাৰ   মূল্য প্ৰায় ৩.৫ লাখ কোটি টকাতকৈও বেছি৷ কিন্তু ৰাজ্যখনত বিশাল পৰিমাণৰ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকাৰ পাছতো সেই অনুসৰি গেছ আহৰণ হোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ ভূগৰ্ভৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩.২২ বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছ আহৰণ কৰাৰ বিপৰীতে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৩.২৯ বিলিয়ন কিউবিক মিটাৰ, ২০১৯-২০বিত্তীয় বৰ্ষত ৩.১৪ বিলিয়ন কিউবিক মিটাৰ আৰু ২০২০-২১ বিত্তীয় বৰ্ষত ৩.০০ বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছহে আহৰণ কৰিবলৈ সক্ষম হৈছে৷ অথাৰ্ৎ পূৰ্বতকৈ ৰাজ্যখনত শেহৰ দুটা বছৰত প্ৰাকৃতিক গেছৰ আহৰণৰ পৰিমাণ হ্ৰাস পাইছে৷ অৱশ্যে আশাৰ খবৰ এয়াই যে ২০২১-২২ বিত্তীয় বৰ্ষত  পূৰ্বৰ বৰ্ষসমূতকৈ কিছু পৰিমাণে অধিক ৩.৩৭ বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছ আহৰণ হৈছে৷ মন কৰিবলগীয়া যে দেশৰ মূল ভূখণ্ডৰ গৰ্ভত নিহিত হৈ আছে ৩৯৮.২ বিলিয়ন কিউবিক মিটাৰ পৰিমাণৰ প্ৰাকৃতিক গেছ৷ ইয়াৰ ভিতৰত অসমত ১৪৪.৩ বিলিয়ন কিউবিক মিটাৰ গেছৰ ভাণ্ডাৰ আছে৷ উল্লেখ্য যে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা অসমে প্ৰতিবছৰে এক বৃহৎ অংকৰ ৰয়েল্টি লাভ কৰিবলৈ সক্ষম হয়৷ সেয়েহে ৰাজ্য চৰকাৰখনেও ৰাজ্যখনৰ ভূগৰ্ভত মজুত থকা প্ৰাকৃতিক সম্পদৰাজি আহৰণত সৰ্বাধিক গুৰুত্ব দি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here