কাচৰ দৰে স্বচ্ছ ৰহস্যজনক প্ৰাণী উদ্ধাৰ : ক’ত ?

0
146

সমুদ্ৰৰ তলৰ কত ৰহস্য আছে, সেই কথাটো আমি সকলোৱে জানোহঁক৷ সমুগ্ৰৰ এই বিস্ময়বোৰৰ মাজত অধিকাংশই নতুন কিবা আৱিষ্কাৰ হয়৷ গৱেষণাত প্ৰতিনিয়ত সমুদ্ৰত নতুন নতুন তথ্য আৱিষ্কাৰ হৈ থাকে৷ এইবাৰ সমুদ্ৰতলত জৈৱ-বৈচিত্ৰ্যৰ অক অদ্ভুত ৰহস্য উদঘাটন হৈছে৷ সমুদ্ৰৰ গৰ্ভত কাচৰ দৰে স্বচ্ছ প্ৰাণী এবিধৰ সম্ভেদ লাভ কৰিছে গৱেষণকে৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত দেখাত কাচৰ দৰে স্বচ্ছ হাইপেৰিড নামৰ এই প্ৰাণীবিধৰ ছবি দেখিবলৈ পোৱা গৈছে৷ সম্প্ৰতি এই স্বচ্ছ প্ৰাণীবিধে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ আচলতে কি এই হাইপেৰিড৷ স্মিথছোনিয়াৰৰ ৱেবছাইট অনুসৰি হাইপেৰিড হ’ল একধৰণৰ প্ৰাণী যি বাল মাটিৰ লগত সম্পৰ্ক এক সৰু ক্ৰাষ্টেছিয়ান৷ ছ’টিয়েল মিডিয়াৰ ভিডিঅ’ত প্ৰাণীবিধ কমলা ৰঙৰ কণীৰ কূহুমৰ দৰে দেখিবলৈ পোৱা গৈছে৷ এই প্ৰাণীবিধৰ শৰীৰ সম্পূৰ্ণৰূপে স্বচ্ছ, ফটফটীয়া৷ একমাত্ৰ চকু পিগমেণ্টযুক্ত৷ অৰ্থাৎ চকু বাদ দি প্ৰাণীবিধৰ সমগ্ৰ শৰীৰ একেবাৰে স্বচ্ছ কাচৰ দৰে৷ যি দেখিবলৈ সাগৰত পোৱা কিছুমান বালি মাছৰ দৰে৷ পৰৱৰ্তী সময়ত গৱেষণাই কি কয় সেয়াহে লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here