দেশৰ আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত ভৰলু

0
1726
গুৱাহাটী মহানগৰত উন্নয়নমূলক কামসমূহ বাস্তৱসন্মত নোহোৱাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে৷ উল্লেখ্য যে দেশৰ আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত ভৰলু নৈৰ নাম অন্তৰ্ভুক্ত হৈছে৷ ২০০৮ চনতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চলোৱা এক অধ্যয়নত ভৰলু নৈ অতি বিপজ্জনকভাৱে প্ৰদূষিত হোৱাটো প্ৰমাণ হৈছিল৷ Centre for Science and Environment-এ প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ভৰলু নৈৰ পানীত ৫৬-৮৫ মিলিগ্ৰাম অম্লজান আছে৷ কিন্তু ব্যৱহাৰৰ উপযোগী হোৱাৰ বাবে প্ৰতি লিটাৰত ৩ মিলিগ্ৰামতকৈ কম অম্লজান থাকিব লাগে৷ আনহাতে বেক্টেৰিয়া ৫০০তকৈ কম হ’ব লাগে যদিও ভৰলুত বেক্টেৰিয়াৰ পৰিমাণ ২৮০০তকৈ অধিক৷ এনে প্ৰদূষণৰ বাবে সম্প্ৰতি মহ, পোক-পৰুৱা, দুৰ্গন্ধ আদিৰ যন্ত্ৰণা ভোগ কৰিছে ভৰলু আৰু মৰা ভৰলুৰ দুয়োপাৰে থকা বাসিন্দাসকলে৷ বিশেষকৈ ৰূপনগৰ, ভঙাগড়, চেৰাপভাতী, তৰুণ নগৰ, অনিল নগৰ, নবীন নগৰ আদি অঞ্চলৰ বাসিন্দাই গেলা-পচা আৱৰ্জনাৰ দুৰ্গন্ধত ভুগিব লগা হৈছে৷ ভৰলুৰ বিষাক্ত পানী একাংশ ঠাইত মানুহৰ ঘৰত সোমোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি প্ৰতিবছৰে ভাবুকি নামি আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here