ভেক্‌চিন নোলোৱা লোকৰ সংক্ৰমণৰ আশংকা অধিক

0
486
ভেক্‌চিন নোলোৱা লোকৰ কৰ’নাৰ সংক্ৰমণ হোৱাৰ আশংকা ২৯% অধিক৷ আনহাতে এনে ব্যক্তিৰ কৰ’নাৰ সংক্ৰমণ হোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকাও ২৯.২গুণ অধিক বৃদ্ধি পায়৷ আমেৰিকাৰ স্বাস্থ্য এজেঞ্চি CDC-য়ে শেহতীয়াকৈ চলোৱা এটা সমীক্ষাৰ পৰা এই কথা জানিব পৰা গৈছে৷ CDC-য়ে লছ এঞ্জেল্‌ছ আৰু কেলিফৰ্নিয়াৰ ৪৩,১২৭জন লোকক লৈ এই সমীক্ষাটো চলাইছিল৷ ইয়াৰ পৰা জানিব পৰা মতে, যোৱা ১ মে’ৰ পৰা ২৫ জুলাইত যিসকল লোকক সংক্ৰমণ হোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁলোকৰ অধিকাংশই ভেক্‌চিন লোৱা নাছিল৷ CDC-ৰ সঞ্চালক ডাঃ ৰছেল ভেলেনস্কীয়ে কয় যে তেওঁলোকে পোৱা তথ্যৰ পৰা জানিব পৰা মতে, ভেক্‌চিন নোলোৱা লোকৰ কৰ’নাৰ সংক্ৰমণ হোৱাৰ আশংকা অধিক বৃদ্ধি পায়৷ তেওঁৰ মতে কৰ’নাৰ সংক্ৰমণৰ পৰা হাত সৰাৰ বাবে ভেক্‌চিনেই একমাত্ৰ উপায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here