Home Daily news দেশত আগতীয়া গ্ৰীষ্ম প্ৰৱাহ

দেশত আগতীয়া গ্ৰীষ্ম প্ৰৱাহ

ভাৰতত গ্ৰীষ্ম প্ৰৱাহে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ দেশখনৰ বৃহৎ অংশত উষ্ণতা প্ৰায় ৪৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে আৰু এই বছৰৰ গ্ৰীষ্মকাল আটাইতকৈ বেছি গৰমৰ হ’ব যেন দেখা গৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ আই এম ডি-এ কমেও পাঁচখন ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ কিছুদিনলৈ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ 
আই এম ডিয়ে ভৱিষ্যদ্বাণী কৰিছে যে দেশখনৰ বৃহৎ অংশত অহা কমেও পাঁচ দিনলৈ গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব৷ অহা তিনি দিনত উত্তৰ ভাৰতৰ অধিকাংশ ঠাইত উষ্ণতা প্ৰায় ২ ডিগ্ৰী চেলছিয়াছ বাঢ়িব পাৰে আৰু তাৰ পাছত প্ৰায় ২ ডিগ্ৰী চেলছিয়াছ কমিব৷ 
ৰাজস্থান, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ওড়িষাত উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াতকৈও বেছি হৈছে৷ মে’ৰ প্ৰথম সপ্তাহলৈকে প্ৰচণ্ড গৰম অব্যাহত থাকিব আৰু তাৰ পাছত বৰষুণৰ সম্ভাৱনা আছে৷ আজি দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা ৪৩.৫ ডিগ্ৰী চেলছিয়াছ আছিল৷ 
এপ্ৰিল মাহত ৰাজধানীত ইমান বেছি গৰম ১২ বছৰত প্ৰথম৷ ইয়াৰ আগতে ২০১০ চনৰ ১৮ এপ্ৰিলত সৰ্বোচ্চ উষ্ণতা ৪৩.৫ ডিগ্ৰী চেলছিয়াছ হৈছিল৷ উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ ভাৰতত ঔদ্যোগিক কাম-কাজত প্ৰভাৱ পৰিছে৷ 
দেশখনৰ বৃহৎ অংশত শক্তিৰ চাহিদা দ্ৰুত বৃদ্ধি পাইছে৷ মহাৰাষ্ট্ৰৰ তাপবিদ্যুৎ প্ৰকল্পবোৰৰ বাবে ২০ হাজাৰ লাখ কয়লাৰ নাটনি হৈছে৷ ৰাজস্থানৰ কাৰখানাবোৰত আৰু গ্ৰাম্য অঞ্চলবোৰত চাৰি ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰা হৈছে৷ 
অথচ চূড়ান্ত গৰমৰ দিন আহিবলৈ এতিয়াও বাকী৷ জুনত বাৰিষা আৰম্ভ হোৱাৰ পাছত উষ্ণতা কিছু হ্ৰাস পাব৷ জম্মু আৰু কাশ্মীৰ, ওড়িষা, পশ্চিম বংগত উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছতকৈও বেছি হৈছে৷ প্ৰচণ্ড গৰমৰ মাজতে কয়লাৰ তীব্ৰ নাটনিৰ কাৰণে দেশখনৰ বহু অংশত বিদ্যুৎ কৰ্তন কৰা হৈছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...