মুখত মকৰাৰ চিহ্ন থকা নৱজাতক বান্দৰ : ক’ত ?

0
368

মেলবৰ্ণৰ ব্ৰেভাৰ্ড চিৰিয়াখানাত এটা কেঁচুৱা বান্দৰে সকলোকে আচৰিত কৰিছে। এই নৱজাতক বান্দৰৰ মুখত এনে এটা চিহ্ন আছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই বান্দৰটো মকৰাৰ প্ৰজাতিৰ দৰে দেখি, কিয়নো ইয়াৰ মুখত মকৰাৰ চিহ্ন দেখা যায়।
চিৰিয়াখানা কৰ্তৃপক্ষই ঘোষণা কৰি কৈছে যে, “আমি এতিয়ালৈকে কেঁচুৱাটোৰ লিংগ জানিবলৈ সক্ষম হোৱা নাই, আমাৰ কৰ্মচাৰীসকলে উল্লেখ কৰিছে যে কেঁচুৱাটো ভালে আছে, মাতৃয়ে কেঁচুৱা বান্দৰটোক কোলাত লৈ আছে আৰু সকলো কাৰ্যকলাপ ভালদৰে কৰি আছে।

বিবৃতিটোত আৰু কোৱা হৈছে, “কৰ্মচাৰীসকলে বান্দৰটোৰ অনন্য চিহ্ন দেখি আচৰিত হৈ পৰিছে, বান্দৰটোৰ জন্মৰ সময়ত মকৰাৰ কিছু চিহ্ন দেখিবলৈ পোৱা গৈছে। এই মকৰা দৰে মুখৰ বান্দৰটোৰ মাকৰ বয়স ৩১ বছৰ, যি নিজৰ সন্তানৰ যত্ন লোৱাত অতি দক্ষ।
শ্বেলী নামৰ মাইকী বান্দৰটোৰ মাতৃত্বৰ বহুতো অভিজ্ঞতা আছে, যি ১৯ বছৰীয়া টিকা, ৭ বছৰীয়া প্ৰাইম আৰু ২ বছৰীয়া অলিভ নামৰ বান্দৰকইটাক জন্ম দিছে। ইপিনে, টিকা নামৰ বান্দৰটোৱে নিজেই এতিয়া সন্তানৰ মাতৃ হ’বলৈ গৈ আছে।

অষ্ট্ৰেলিয়াৰ ব্ৰেভাৰ্ড চিৰিয়াখানাৰ কৰ্মীসকলৰ মতে, আন বান্দৰবোৰেও শ্বেলীৰ নৱজাতক বান্দৰটোক ডাঙৰ-দীঘল কৰিবলৈ যথেষ্ট আগ্ৰহ দেখুৱাইছে। ব্ৰেভাৰ্ড চিৰিয়াখানাৰ মতে, “এই মূল্যৱান প্ৰজাতিবোৰক হেৰাই যোৱাৰ পৰা ৰক্ষা কৰাত প্ৰতিটো বান্দৰৰ জন্মই এক ডাঙৰ সফলতা।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here