UNDRR-ৰ সমীক্ষা : ২০৩০ৰ ভিতৰত বিশ্বত হ’ব ৫৬০টা ভয়াৱহ দুৰ্যোগ

0
476

ৰাষ্ট্ৰসংঘৰ ‘অফিচ ফৰ ডিজেষ্টাৰ ৰিস্ক ৰিডাকশ্যন’ চমুকৈ ইউ এন ডি আৰ আৰৰ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনে সমগ্ৰ বিশ্বকে পুনৰ এবাৰ ভবাই তুলিছে৷ ৰাষ্ট্ৰসংঘৰ অফিচ ফৰ ডিজেষ্টাৰ ৰিস্ক ৰিডাকশ্যন, চমুকৈ UNDRRৰ এই সতৰ্কবাণীয়ে ভয়াৱহ ভৱিষ্যতৰ সংকেত প্ৰদান কৰিছে৷ 
ইউ ইন ডি আৰ আৰৰ প্ৰতিবেদন মতে ২০৩০ চনৰ ভিতৰত বিশ্বত প্ৰতিবছৰে ৫৬০টা ভয়াৱহ দুৰ্যোগ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷ আনহাতে বিশ্বত যোৱা ২০ বছৰ ধৰি বছৰি দেখা দিয়া দুৰ্যোগৰ সংখ্যা আছিল ৩৫০টাৰপৰা ৪০০টা৷ ৰাষ্ট্ৰসংঘৰ গ্ল’বেল এছেছমেণ্ট ৰিপ’ৰ্টৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে পূৰ্বৰ দশকসমূহত বিশ্বত যিমানসংখ্যক দুৰ্যোগে দেখা দিছিল, পৃথিৱীত তাতকৈ পাঁচগুণ বেছি দুৰ্যোগ দেখা যাব৷ 
এই ভয়াৱহ দুৰ্যোগৰ মূল কাৰণ হিচাপে জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থাসমূহ অভাৱ বুলি চিনাক্ত কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত এইসমূহ তিনিগুণতকৈ বেছি বৃদ্ধি পাব৷ বিশ্বত বাঢ়িব গৰমৰ প্ৰকোপ, গৰম বতাহে জীৱন দুৰ্বিষহ কৰি তুলিব৷ প্ৰাকৃতিক দুৰ্যোগৰ লগে লগে অৰ্থনৈতিক মন্দাৱস্থা আৰু খাদ্যদ্ৰব্যৰ উৎপাদন হ্ৰাসেও সমস্যাৰ সৃষ্টি কৰিব৷ যাৰ ফলত তৃতীয় বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনাও দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here