ছালৰ যত্নৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়৷ প্ৰখৰ ৰ’দত ছালখন সুৰক্ষা দিবলৈ ছানস্ক্ৰিন লোচন, ছানগ্লাছ, ছানবাথ আদি ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ মহিলাসকলে মুখৰ ছালখন উজ্জ্বল তথা সতেজ কৰি ৰাখিবলৈ কত কি যে নকৰে৷ নিয়মিত ক্লিনজিং, টনিং, মইশ্বৰাইজিং ব্যৱহাৰ আদিৰ উপৰি ছালখন উজ্জ্বল কৰি ৰাখিভলৈ হাজাৰ টকা খৰচ কৰি দৈনিক পাৰ্লাৰলৈ যোৱাও বহুতকে দেখা যায়৷ এনেদৰে বিভিন্ন প্ৰকাৰে ছালৰ যত্ন ল’লেও দেখা যায় যে প্ৰখৰ ৰ’দে মুখৰ ছালখন পুৰি ক’লা দাগৰ সৃষ্টি কৰি মুখৰ সৌন্দৰ্যই নোহোৱা কৰি দিয়ে৷ ইয়াৰ বাবে নেমু, বেচন আদি ব্যৱহাৰ কৰিলেও যথেষ্ট সুফল পোৱা নাযায়৷ এই ক্ষেত্ৰত ক’লা দাগ আঁতৰাবলৈ তেঁতেলী ব্যৱহাৰ কৰিব পাৰে৷ তেঁতেলীত ফচফৰাছ, এমিন’ এচিড, মেগনেচিয়াম আদি উপাদান যথেষ্ট পৰিমাণে থাকে, যি ছালৰ কাৰণে উপকাৰী৷ সেয়েহে কম খৰচতে ঘৰুৱা উপায়েৰে ৰ’দে পোৰা ছালৰ ক’লা দাগ তেঁতেলীৰ দ্বাৰা কিদৰে নোহোৱা কৰিব জানো আহক৷
পৰিমাণ মতে তেঁতেলী লৈ পানীৰ সৈতে গৰম হ’বলৈ দিয়ক৷ কিছু সময়ৰ পাছত তেঁতেলীখিনি জেলীৰ দৰে থুপথুপীয়া হ’ব৷ ঠাণ্ডা হোৱাৰ পাছত তাত এচামুচ হালধিৰ গুড়ি ভালদৰে মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো মুখৰ ছালখনৰ ভালদৰে লগাই ১৫ মিনিটমান সময় ৰাখি দিয়ক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ভালদৰে ধুই পেলাওক৷ এই ফেচপেকটো সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে ছালৰ শুষ্কতা ভাব দূৰ হোৱাৰ লগতে ছালত পৰা ক’লা দাগ নোহোৱা হ’ব৷
এচামুচ তেঁতেলী, দুচামুচ বেচন আৰু এচামুচ মৌ এটা পাত্ৰত লৈ ভালদৰে এটা পেষ্ট প্ৰস্তুত কৰক৷ এই ফেচপেকটো মুখমণ্ডলৰ লগতে গলৰ অংশ, বাহু আদিতো লগাব পাৰে৷ ভালদৰে লগাই দহ মিনিটমান ৰাখি থওক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিয়ক৷ এইদৰে মিশ্ৰণটো লগালে ৰ’দত ক’লা পৰা ছালখন আগৰ অৱস্থালৈ ঘূৰি আহিব৷ ইয়াৰ লগতে আগতকৈ ছালখন সুন্দৰ আৰু উজ্জ্বল হৈ পৰে৷
এটা পাত্ৰত দুচামুচ তেঁতেলী, দুচামুচ চেনি আৰু এচামুচ বেকিং ছ’ডা মিহলাই লৈ এটা পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটো আঙুলিৰে মুখত ভালদৰে লগাই কিছু সময় ৰাখি বিশুদ্ধ পানীৰে ধুই দিয়ক৷ চেনিয়ে ছালখনৰ ময়লাবোৰ পৰিষ্কাৰ কৰিব, বেকিং ছ’ডাই ছালৰ ৰুক্ষতা ভাব নোহোৱা কৰিব আৰু তেঁতেলীয়ে ছালৰ দাগবোৰ দূৰ কৰাত সহায় কৰে
তেঁতেলীৰ সহায়ত ৰ’দে পোৰা ক’লা দাগ কিদৰে নোহোৱা কৰিব ?
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.