তেঁতেলীৰ সহায়ত ৰ’দে পোৰা ক’লা দাগ কিদৰে নোহোৱা কৰিব ?

0
276


ছালৰ যত্নৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়৷ প্ৰখৰ ৰ’দত ছালখন সুৰক্ষা দিবলৈ ছানস্ক্ৰিন লোচন, ছানগ্লাছ, ছানবাথ আদি ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ মহিলাসকলে মুখৰ ছালখন উজ্জ্বল তথা সতেজ কৰি ৰাখিবলৈ কত কি যে নকৰে৷ নিয়মিত ক্লিনজিং, টনিং, মইশ্বৰাইজিং ব্যৱহাৰ আদিৰ উপৰি ছালখন উজ্জ্বল কৰি ৰাখিভলৈ হাজাৰ টকা খৰচ কৰি দৈনিক পাৰ্লাৰলৈ যোৱাও বহুতকে দেখা যায়৷ এনেদৰে বিভিন্ন প্ৰকাৰে ছালৰ যত্ন ল’লেও দেখা যায় যে প্ৰখৰ ৰ’দে মুখৰ ছালখন পুৰি ক’লা দাগৰ সৃষ্টি কৰি মুখৰ সৌন্দৰ্যই নোহোৱা কৰি দিয়ে৷ ইয়াৰ বাবে নেমু, বেচন আদি ব্যৱহাৰ কৰিলেও যথেষ্ট সুফল পোৱা নাযায়৷ এই ক্ষেত্ৰত ক’লা দাগ আঁতৰাবলৈ তেঁতেলী ব্যৱহাৰ কৰিব পাৰে৷ তেঁতেলীত ফচফৰাছ, এমিন’ এচিড, মেগনেচিয়াম আদি উপাদান যথেষ্ট পৰিমাণে থাকে, যি ছালৰ কাৰণে উপকাৰী৷ সেয়েহে কম খৰচতে ঘৰুৱা উপায়েৰে ৰ’দে পোৰা ছালৰ ক’লা দাগ তেঁতেলীৰ দ্বাৰা কিদৰে নোহোৱা কৰিব জানো আহক৷
পৰিমাণ মতে তেঁতেলী লৈ পানীৰ সৈতে গৰম হ’বলৈ দিয়ক৷ কিছু সময়ৰ পাছত তেঁতেলীখিনি জেলীৰ দৰে থুপথুপীয়া হ’ব৷ ঠাণ্ডা হোৱাৰ পাছত তাত এচামুচ হালধিৰ গুড়ি ভালদৰে মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো মুখৰ ছালখনৰ ভালদৰে লগাই ১৫ মিনিটমান সময় ৰাখি দিয়ক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ভালদৰে ধুই পেলাওক৷ এই ফেচপেকটো সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে ছালৰ শুষ্কতা ভাব দূৰ হোৱাৰ লগতে ছালত পৰা ক’লা দাগ নোহোৱা হ’ব৷
এচামুচ তেঁতেলী, দুচামুচ বেচন আৰু এচামুচ মৌ এটা পাত্ৰত লৈ ভালদৰে এটা পেষ্ট প্ৰস্তুত কৰক৷ এই ফেচপেকটো মুখমণ্ডলৰ লগতে গলৰ অংশ, বাহু আদিতো লগাব পাৰে৷ ভালদৰে লগাই দহ মিনিটমান ৰাখি থওক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিয়ক৷ এইদৰে মিশ্ৰণটো লগালে ৰ’দত ক’লা পৰা ছালখন আগৰ অৱস্থালৈ ঘূৰি আহিব৷ ইয়াৰ লগতে আগতকৈ ছালখন সুন্দৰ আৰু উজ্জ্বল হৈ পৰে৷
এটা পাত্ৰত দুচামুচ তেঁতেলী, দুচামুচ চেনি আৰু এচামুচ বেকিং ছ’ডা মিহলাই লৈ এটা পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটো আঙুলিৰে মুখত ভালদৰে লগাই কিছু সময় ৰাখি বিশুদ্ধ পানীৰে ধুই দিয়ক৷ চেনিয়ে ছালখনৰ ময়লাবোৰ পৰিষ্কাৰ কৰিব, বেকিং ছ’ডাই ছালৰ ৰুক্ষতা ভাব নোহোৱা কৰিব আৰু তেঁতেলীয়ে ছালৰ দাগবোৰ দূৰ কৰাত সহায় কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here