ভাৰতীয় ডাক টিকটত সন্নিৱিষ্ট অসমৰ এখন চিকিৎসালয়ৰ ছবি

0
213

অসমৰ স্বাস্থ্য খণ্ডৰ বাবে আন এক সু-খবৰ৷ ভাৰতীয় ডাক টিকটত এইবাৰ সন্নিৱিষ্ট হৈছে মৰিগাঁও জিলাৰ এখন চিকিৎসালয়ৰ ছবি৷ লক্ষণীয় যে ডাঃ অমৰজ্যোতি ডেকাৰ প্ৰচেষ্টাত ভাৰতীয় ডাক বিভাগৰ টিকটত ১৯৩৮ চনতে স্থাপন কৰা মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়খনৰ ফটো সন্নিৱিষ্ট হৈছে৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত স্বাস্থ্য খণ্ডলৈ ৮৪ বছৰ ধৰি সেৱা আগবঢ়াই অহা এই চিকিৎসালয়খনক ডাক বিভাগে স্বীকৃতি প্ৰদান কৰিছে৷ এই সু-খবৰটো ঘোষণা কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ আনহাতে চিকিৎসক অমৰজ্যোতি ডেকাই ভাৰতীয় ডাক বিভাগৰ মাই ষ্টাম্প আঁচনিৰ অন্তৰ্গত ডাক টিকটত চিকিৎসালয়খনৰ ছবি সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰে৷ আনহাতে মাংকি পক্সৰ বাবে ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে

LEAVE A REPLY

Please enter your comment!
Please enter your name here