Home Daily news ডিফুত ডেংগু ৰোগে লৈছে ভয়াৱহ ৰূপ

ডিফুত ডেংগু ৰোগে লৈছে ভয়াৱহ ৰূপ

ডিফু চহৰত ডেংগুত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ সষ্টম হৈ পৰিছে৷ ছেপ্টেম্বৰ মাহৰ পৰা ডিফু চহৰত ডেংগু ৰোগী চিনাক্ত হৈছিল যদিও স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ বাবেই ডেংগুৱে চহৰখনত এতিয়া মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ ডেংগুৰ ফলত এতিয়ালৈকে চৰকাৰীভাৱে চাৰিজন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ চহৰখনত ডেংগুৱে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাষ্ট্ৰীয়
 স্বাস্থ্য মিছন সঞ্চালক আই এ এছ ডাঃ এম এছ লক্ষীপ্ৰিয়াই কাৰ্বি আংলং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত এখন উচ্ছস্তৰীয় ৰুদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক বি এছ ৰংপি, ডিফু মেডিকেল কলেজৰ অধ্যক্ষা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শীৰ্ষ বিষয়া, ডিফু পৌৰ সভাৰ প্ৰতিনিধিসহ বহু বিষয়া উপস্থিত থাকে৷ 
মিছন সঞ্চালকগৰাকীয়ে চহৰখনত ডেংগু প্ৰতিৰোধৰ বাবে এই বৈঠকত পৰিকল্পনা যুগুত কৰা বুলি প্ৰকাশ কৰে৷ বিষয়াগৰাকীয়ে লগতে কয় যে ডেংগু প্ৰতিৰোধৰ বাবে ৰাজ্যৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলো ডিফুত উপস্থিত হ’ব৷ ডিফু চিকিৎসা মহাবিদ্যালয়ত ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰাৰ লগতে তেজ পৰীক্ষা কৰাৰ বাবেও তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত ১৮খন আই চি ইউ বিছনা থকা বুলি উল্লেখ কৰি এই সংখ্যা ৫১খনলৈ বৃদ্ধি কৰিব পৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ তদুপৰি ওচৰৰ সকলো চৰকাৰী, বেচৰকাৰী চিকিৎসালয়ৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীক ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি ৰখা বুলি জানিবলৈ দিয়ে৷ 
ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে মূলতঃ প্ৰতিটো অঞ্চল, ৱাৰ্ড, চুবুৰি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চহৰবাসীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিলেহে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰিব৷ চহৰবাসীক আগন্তুক দিনকেইটাত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ লগতে সাধাৰণ জ্বৰ হ’লেও ফাৰ্মাচীৰ পৰা ঔষধ ব্যৱহাৰ নকৰি চিকিৎসকৰ কাষ চাপিবলৈ বিষয়াগৰাকীয়ে অনুৰোধ জনায়৷ আনহাতে, ডেংগুৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আগন্তুক তিনিদিনৰ বাবে ক্ৰমে ৮,৯, ১০, ১১ আৰু ১২ নৱেম্বৰত ডিফু সভাৰ অধীনৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰে৷ উল্লেখনীয় যে স্বাস্থ্য বিভাগে সময় থাকোঁতেই এই ৰোগ প্ৰতিৰোধৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হ’লে ডেংগু ৰোগ চহৰখনত এইদৰে বিয়পিবলৈ সক্ষম নহ’ল হয় বুলি সমগ্ৰ চহৰখনত এতিয়া চৰ্চা চলিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...