৮ নৱেম্বৰত বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ

0
162

৮ নৱেম্বৰত বছৰটোৰ শেষটো চন্দ্ৰগ্ৰহণ হ’ব৷ দুপৰীয়া ২-৩৯ বজাত চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬-১৮ বজাত গ্ৰহণৰ অন্ত পৰিব৷ ভাৰতৰ পূব দিশৰ ঠাইসমূহত পূৰ্ণ চন্দ্ৰগ্ৰহণ আৰু আনবোৰ ঠাইত আংশিক চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব৷ আটাইতকৈ প্ৰথমতে দেখা যাব অৰুণাচলত৷ অৰুণাচলৰ ইটানগৰত আবেলি ৪-২৩ বজাৰ পৰা পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব৷ চন্দ্ৰ উদয় হোৱাৰ লগে লগে চন্দ্ৰগ্ৰহণো দেখিবলৈ পোৱা যাব৷ উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চল
কে ধৰি পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ডলৈ দেশৰ পূব ভাগ বুলি ধৰা হৈছে৷ কলকাতা [৪-৫২], পাটনা, কটক [৫-০৫], ৰাঁচী আদি মহানগৰতো পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব৷ য’ত পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব, তাত চন্দ্ৰৰ ৰং ৰঙচুৱা দেখা যাব৷ ইফালে নিউয়ৰ্কত পুৱা ৫-১৬ বজাত পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব আৰু পুৱা ৬-৪১ বজাত চন্দ্ৰগ্ৰহণৰ সৈতেই চন্দ্ৰ অস্ত যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here