দিল্লীত প্ৰদূষণৰ মাত্ৰা শোচনীয় পৰ্যায়লৈ আগবাঢ়িছে

0
215

দিল্লীত প্ৰদূষণৰ বিপজ্জনক পৰ্যায়লৈ লক্ষ্য কৰি দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে  দিল্লী চৰকাৰৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাকে ধৰি এলানি নিৰ্দেশ প্ৰকাশ কৰিছে৷ দিনটোৰ আগভাগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে শিশুক শোচনীয় বায়ু মানৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহ [প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ] বন্ধ দিয়া হৈছে৷ নিৰ্দেশাৱলীৰ মতে পৰিস্থিতি উন্নত নোহোৱালৈকে দিল্লী-এন চি আৰৰ প্ৰাথমিক বিদ্যালয়বোৰ বন্ধ থাকিব৷ নিৰ্দেশাৱলীত ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ বাবেও নিৰ্দেশ জাৰি কৰা হৈছে৷ আনহাতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো ধৰণৰ ট্ৰাকৰ যাতায়াত বন্ধ কৰা হৈছে৷ অৱশ্যে চি এন জি আৰু বিদ্যুৎচালিত ট্ৰাকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ বি এছ-৬১ তলৰ গাড়ীকে ধৰি সকলো ডিজেলচালিত গাড়ীৰ যাতায়াত বন্ধ কৰা হৈছে৷ ইফালে ৰাজহুৱা পৰিবহণ ব্যৱস্থা উন্নত কৰিবলৈ পৰিবহণ বিভাগে ব্যক্তিগত খণ্ডৰ ৫০০খন চি এন জি চালিত বাছ নিয়োগ কৰিব৷ 
ইফালে মহকুমা দণ্ডাধীশে আৱাসিক কল্যাণ সংস্থাসমূহৰ সৈতে আলোচনা কৰিব তথা ৰাতি থকা সুৰক্ষা কৰ্মীৰ বাবে বৈদ্যুতিক হীটাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিব৷ পৰিৱেশ মন্ত্ৰীয়ে সংবাদ মাধ্যমক কয় যে প্ৰদূষণৰ সমস্যাৰ মোকাবিলা কৰিবৰ বাবে আজি ছজনীয়া এখন নিৰীক্ষণ সমিতি গঠন কৰা হৈছে৷  পৰিৱেশ মন্ত্ৰী ৰায়ে কয় যে দিল্লীত ঘাইপথ, অভাৰব্ৰীজ আৰু পাইপলাইনৰ কাম নিষিদ্ধ কৰা হ’ব৷ ইফালে দিল্লী-এন চি আৰত প্ৰদূষণ বৃদ্ধি পোৱাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মুখ্য সচিবসকললৈ চমন জাৰি কৰিছে৷ আয়োগে কয় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এতিয়ালৈকে লোৱা ব্যৱস্থাত তেওঁলোক সন্তুষ্ট নহয়৷ আয়োগে আৰু কয় যে দিল্লীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ অধিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন৷ উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ পৰিষদৰ তথ্য মতে দিল্লীৰ বায়ু মান সূচকাংক [এ কিউ আই] আছিল ৪২৬৷ এ কিউ আই ৪০০-ৰ ওপৰত থাকিলে শোচনীয় বুলি ধৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here