Home Daily news ডাম্পিং গ্ৰাউণ্ডে নিঃশেষ কৰিছে দুষ্প্ৰাপ্য জলচৰ প্ৰাণীৰ জীৱন

ডাম্পিং গ্ৰাউণ্ডে নিঃশেষ কৰিছে দুষ্প্ৰাপ্য জলচৰ প্ৰাণীৰ জীৱন

ভয়ংকৰভাৱে প্ৰদূষিত হৈ আছে দিপৰ বিল৷ বিলখনৰ বুকুত থকা জলজ প্ৰাণীসমূহৰ জীৱনলৈ ভাবুকি নামি আহিছে৷ ইতিমধ্যে বিভিন্ন সময়ত ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা খাদ্য খায়ো বহুতো পৰিভ্ৰমী চৰাইৰ মৃত্যু হৈছে৷ দিপৰ বিলৰ পাৰিপাশ্বিৰ্কতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখি  বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ বাবে সেউজ ন্যায়াধিকৰণেও নিৰ্দেশ দিছিল৷ উল্লেখ্য যে  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত কৰিবৰ বাবে গ্ৰীন ট্ৰিবিউনেলেও নিৰ্দেশ দিছে বুলি সদৰী কৰি ডাম্পিং গ্ৰাউণ্ডৰ পৰা  পাৰিপাশ্বিৰ্কতাৰ প্ৰতি যাতে কোনো ভাবুকি নাহে, সেয়ে অত্যাধুনিক প্ৰযুক্তিৰে  ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ বাবে আশ্বাস দিছিল৷ 
লগতে তেওঁ ভাৰতৰ অন্যান্য ৰাজ্যত  অত্যাধুনিক প্ৰযুক্তিৰে কিদৰে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে সেয়া প্ৰত্যক্ষ কৰিবৰ বাবে গুৱাহাটীৰ চাৰিটা সমষ্টিৰ বিধায়কক প্ৰেৰণ কৰিগুৱাহাটীৰ মাজতেই প্ৰতিটো সমষ্টিতেই একোটাকৈ অত্যাধুনিক ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হ’ব বুলি জানিবলৈ দিছিল৷ কিন্তু কাৰ্যতঃ সেয়াও অসাৰ হ’ল৷ বিভিন্ন সময়ত দিপৰ বিলত চৰাই-চিৰিকটি আৰু জলজ প্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈ আহিছে৷ বিলৰ পানী প্ৰদূষিত হোৱাৰ লগতে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা খাদ্য খোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকৃতিপ্ৰেমী লোকসকলে সদৰী কৰি আহিছে৷ কিন্তু বিলখনৰ প্ৰকৃত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...