আমি দৈনন্দিন জীৱন প্ৰণালীত কি কি ভুল কৰোঁ ?

0
181

আমি সকলোৱে সম্পূৰ্ণ নিয়মমতে জীৱন-যাপন কৰোঁনে? দৈনন্দিন জীৱন প্ৰণালীত আমি বহুতো ভুল কৰোঁ৷ মনত ৰখা দৰকাৰ যে ইয়াৰে কিছুমান দিশ মনত ৰখা জৰুৰী৷ নহ’লে পাছলৈ সমস্যা বাঢ়ি গৈ এটা সময়ত সমাধানৰ পথ নোহোৱা হৈ পৰিব৷ আমি এনে কি কি ভুলনো কৰোঁ জানো আহক৷
আজিকালি বহুতেই শৰীৰৰ ওজন কমাবলৈ খোৱা-বোৱা অত্যধিক পৰিমাণে কমাই দিয়ে৷ সঠিক পদ্ধতি অনুসৰণ নকৰি ডায়েট কণ্ট্ৰল কৰিব নালাগে৷ ইয়ে শৰীৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷ সেয়েহে খোৱাৰ ক্ষেত্ৰত নজৰ দিয়াটো জৰুৰী৷ সঠিক পদ্ধতিত ডায়েট কৰি, অতিৰিক্ত তেল-মছলাযুক্ত খাদ্য, জাংক ফুড বৰ্জন কৰিলে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷
আমাৰ শৰীৰক দৈনিক তিনি লিটাৰপৰ্যন্ত পানীৰ দৰকাৰ৷ শৰীৰত পৰ্যাপ্ত পানী থাকিলে আদ্ৰৰ্তা বজাই ৰাখে৷ লগতে সুস্থ জীৱন-যাপন সম্ভৱ হয়৷ ইয়াৰ উপৰি শৰীৰৰ অলাগতিয়াল বৰ্জনীয় পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ হোৱাত সহায় কৰে৷ সেয়েহে পৰ্যাপ্ত মাত্ৰাত পানী খাব লাগে
অতিৰিক্ত ধূমপান বা মদ্যপান দুয়োটাই স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ অতিৰিক্ত মদ্যপান বা ধূমপানে মানৱ জীৱনত কুপ্ৰভাৱ পেলায়৷
বৰ্তমান পৰিস্থিতিত বেছিভাগেই দিন কটাইছে ৱৰ্ক ফ্ৰম হোম কৰি৷ ফলত দীৰ্ঘসময় একে ঠাইতে থাকিবলগীয়া হৈছে৷ শাৰীৰিক পৰিশ্ৰম শূন্য হৈ পৰিছে৷ আজিকালি প্ৰায় সকলোৱে দুচকীয়া বা চাৰিচকীয়া গাড়ীৰে যাতায়াত কৰা, ঘৰত বহি বহিয়েই ম’বাইলত ব্যস্ত থকা আদিবোৰে শৰীৰটোৰ শ্ৰম নোহোৱা কৰিছে৷ ফলত আলস্য ভাবে শৰীৰটোক ক্ষতি কৰিছে– আপোনাৰ অজানিতে৷ এনে জীৱন প্ৰণালীয়ে কেঞ্চাৰৰ লেখীয়া ৰোগৰ সৃষ্টিৰ কাৰক হ’ব পাৰে৷ তদুপৰি হাড়ৰ সমস্যা, হজমৰ সমস্যা, শৰীৰৰ ওজন বঢ়াৰ সমস্যা,উচ্চ
 ৰক্তচাপ, ডায়েবেটিছ আদি নানা বেমাৰে সহজে আক্ৰমণ কৰিব পাৰে৷
খালী পেটত চাহ, কফি সেৱনৰ ফলত নানা সমস্যাই দেখা দিব পাৰে৷ দীৰ্ঘদিন এই অভ্যাসৰ ফলত গেছ, ক্ৰনিক, বদহজম আদি সমস্যাই দেখা দিব পাৰে৷ অতিৰিক্ত চেনি খালে ছুগাৰৰ সমস্যায়ো দেখা দিব পাৰে৷
নেতিবাচক চিন্তা, মানসিক অস্থিৰতা আদিও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ বহুতৰ ক্ষেত্ৰতে এইধৰণৰ নেতিবাচক চিন্তাই পৰৱৰ্তী সময়ত জটিল মানসিক সমস্যাৰো সৃষ্টি কৰিব পাৰে৷ সেয়েহে জীৱনটো যাপন কৰক– হাঁহি-ধেমালিৰে৷ কোনোধৰণৰ বেয়া চিন্তা-ভাবনা মনলৈ আহিব নিদিব৷ সদায় ধনাত্মক  চিন্তাৰে জীৱনটো উদ্‌যাপন কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here