Home Daily news ডাঃ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰসৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা

ডাঃ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰসৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা


ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সেৱা বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে৷ ৰাজ্যিক কেবিনেটত অনুমোদন জনোৱাৰ পাছত জনতা ভৱনত এক সংবাদমেলযোগে উক্ত বঁটাসমূহৰ প্ৰাপকসকলৰ নাম জানিবলৈ দিয়ে৷ এই বছৰ অৰ্থাৎ ২০২৩ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা আগবঢ়োৱা হৈছে আন্তৰ্জাতিক পৰ্যায়ত কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক ডাঃ তপন শইকীয়ালৈ৷ প্ৰণিধানযোগ্য যে অসম বৈভৱ বঁটাত আছে পাঁচ লাখ টকাৰ নগদ ধনৰ লগতে চৰকাৰী খৰচত গোটেই জীৱন চিকিৎসাৰ সুবিধা লাভ কৰিব৷ উল্লেখ্য যে অসমৰ ডিব্ৰুগড়ৰ নাহকটীয়াৰ জন্মলাভ কৰা ডাঃ তপন শইকীয়া দীপশিখা ফাউণ্ডেশ্যনৰ অন্যতম পৃষ্ঠপোষক৷ ডাঃ শইকীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে তথা কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলোৱাৰ দিশত অভূতপূৰ্ব অৱদান আগবঢ়াইছে৷ ডাঃ শইকীয়াই ২০০৪ চনৰ জুন মাহৰ পৰা প্ৰিন্স আলী খান হস্পিটেলৰ মেডিকেল অংক’লজী আৰু গৱেষণা সঞ্চালকৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ইয়াৰ উপৰি তেখেতে এইমছ, দিল্লী আৰু এলাহাবাদ বিশ্ববিদ্যালয়ত এম ডি আৰু বাহ্যিক পৰীক্ষক হিচাপেও কাম কৰিছিল৷ জন্মসূত্ৰে ডাঃ শইকীয়াই ক্ৰমে নাহৰকটীয়াৰ ছেইণ্ট মেৰীজ স্কুল, নাহৰকটীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু তাৰ পৰৱৰ্তী চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰে৷ বতৰ্মান তেখেতে দীৰ্ঘকাল জুৰি মুম্বাইতে বসবাস কৰি আছে৷ উল্লেখ্য যে অসম বৈভৱ বঁটা লাভ কৰা শইকীয়া প্ৰথমজন অসমীয়া ব্যক্তি আৰু ৰতন টাটাৰ পাছত দ্বিতীয়গৰাকী ব্যক্তি হিচাপে চিহ্নিত হৈ ৰ’ব৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...