শিশুটি প্ৰশংসাৰ পাত্ৰ হ’বলৈসৰুতে এইবোৰ শিকাওক

0
163


ঘৰখন হ’ল শিশুৰ এটি বাবে প্ৰধান পাঠশালা৷ ভাল-বেয়া, উচিত-অনুচিত, শ্ৰদ্ধা-ভক্তি, আচাৰ-আচৰণ আদি সকলোখিনি শিশু এটিয়ে সৰুকালতে ঘৰখনৰ পৰা আয়ত্ত কৰে, শিকি লয়৷ এটি শিশুৰ চাৰিত্ৰিক গুণাৱলী প্ৰস্তুত হয় নিজৰ ঘৰখনতে৷ পিতৃ-মাতৃৰ পৰা শিকা শিক্ষাৰে শিশুৰ ভৱিষ্যৎ চৰিত্ৰ গঢ় লয়৷ এই সময়খিনি সময়তেই পিতৃ-মাতৃয়ে নিজৰ সন্তানটিক সুশিক্ষাৰে শিক্ষা-দীক্ষা দিয়াটো অতি জৰুৰী৷ আপুনি আপোনাৰ সন্তানটিক সৰুকালতে যিদৰে গঢ়ি তুলিব, সেইদৰেই শিশুটিয়ে গঢ় লৈ উঠিব৷ সেয়েহে এইখিনি সময়ত শিশুটিক বিশেষ মনোযোগ দিব লাগে, যাতে এজন সুনাগৰিক হিচাপে সমাজত প্ৰতিপন্ন হ’ব পাৰে৷
এজন মানুহৰ চৰিত্ৰ গঠন হয় বা চৰিত্ৰ গঢ়ি তোলে মানুহজনৰ জীৱনৰ ৰূপৰেখা৷ মানুহৰ আচৰণ হ’ল চৰিত্ৰ গঠনৰ মাপকাঠী৷ সেয়ে শিশুৰ আচৰণ বিধিৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে৷ এইক্ষেত্ৰত আপোনাৰ শিশুটি প্লিজ, দয়া কৰিব, থেংক ইউ, ধন্যবাদ, এক্সকিউজ মি আদি শব্দবোৰ সৰুৰে পৰা ব্যৱহাৰ কৰিবলৈ দিব বা ক’বলৈ শিকাব৷ ইয়াৰ ফলত আপোনাৰ শিশুটিৰ নম্ৰতা, স্বভাৱতা বৃদ্ধি পাব৷
মানুহৰ চৰিত্ৰ নিৰ্ভৰ কৰে মানুহজনৰ কথোপকথন বা কথা-বাৰ্তাৰ ওপৰত৷ আপোনাৰ সন্তানটিয়ে সৰুকালিতে কিধৰণৰ কথা-বাৰ্তা কয়, তাত নজৰ দিব৷ আপোনাৰ সন্তাটিক এইটো শিকাব যে ডাঙৰৰ লগত কিদৰে কথা ক’ব লাগে, কাৰো শাৰীৰিক গঠন, ঠাট্ট-মস্কৰাসুলভ কথা, কাৰো বিষয়ে বেয়া মন্তব্য কৰা, মনত আঘাত পোৱা কথা বা কাম অথবা বে-প্ৰচলিত ভাষা আদি ক’বলৈ শিকাব লাগে৷ এই বিষয়েটো সন্তানটিৰ সন্মানৰ মাপকাঠাীও হ’ব পাৰে৷
শিশুটিৰ স্বাস্থ্যগত আচৰণ বিভিন্ন সময়ত চকুৰ পৰা বিধৰ হ’ব পাৰে৷ কিছু স্বাস্থ্যহত আচৰণ যেনে কাহ, হাঁচি মাৰোতে মুখত সোপা দিয়া, টোপনিৰ পৰা উঠা, টোপনি যোৱা, অট্টহাস্য পৰিহাৰ, খোৱা-লোৱাৰ ক্ষেত্ৰত পৰিপাটী, পঢ়াৰ-খেলাৰ সময় নিৰ্ধাৰণ আদিবোৰত অত্যন্ত চকু দিয়া উচিত৷
সকলো সময়তে পৰোপকাৰী শিশুক অন্য লোকৰ মধ্যমণি হৈ পৰে৷ সেয়ে আপোনাৰ শিশুটিক সৰুকালতে এনেকুৱা শিক্ষা দিয়ক, যাতে ডাঙৰ হ’লে আনৰ উপকাৰ কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে৷ আনৰ প্ৰতি থকা সহানুভূতিশীল তথা আনক উপকাৰ কৰাৰ দৰে কাৰ্যই শিশুটিৰ ভৱিষ্যতে সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰে৷ এনে কাৰ্যই শিশুৰ চাৰিত্ৰিক গুণাৱলী প্ৰস্ফুটিত হ’ব৷
সৰু কালৰে পৰা আপোনাৰ শিশুটিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জ্ঞান দিব৷ চাফ-চিকুণে এজন মানুহক নিৰোগী তথা সুন্দৰ মনৰ অধিকাৰী কৰি তোলে৷ কথাতে হয় বোলে চাফ-চিকুণতাৰ ভগৱানেও বাস কৰে৷ সেয়েহে এজন সুন্দৰ, সুস্থ মনৰ গৰাকী হ’বলৈ সন্তানক সৰুতে চাফ-চিকুণৰ পাঠ দিয়াটো অত্যন্ত জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here