Home Daily news জীৱন উপভোগ কৰিবলৈ মোবাইলৰ ব্যৱহাৰ কমাওক : কোনে ক’লে ?

জীৱন উপভোগ কৰিবলৈ মোবাইলৰ ব্যৱহাৰ কমাওক : কোনে ক’লে ?

বৰ্তমান যান্ত্ৰিকতাৰ বিশ্বই মোবাইল এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ মোবাইল নোহোৱাকৈ চলাটো কঠিন হৈ পৰিছে সকলোৰে বাবে৷ কিন্তু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত সাৱধানতা অৱলম্বনৰ কথা কৈ আহিছে৷ বিভিন্ন সময়ত বিশেষজ্ঞই কৈ আহিছে যে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত আমাৰ শৰীৰৰ কুপ্ৰভাৱ পৰে৷ এইটো কথা সৰ্বজনবিদিত৷ 
এটা নিৰ্দিষ্ট সময় ব্যৱহাৰ কৰিলে যিমান লাভ হয়, যদি অধিক সময় ধৰি মোবাইল ব্যস্ত থকা যায়, তেতিয়াহ’লে ইয়াৰ পাশ্বৰ্ক্ৰিয়া শৰীৰে ভোগ কৰিবলগীয়া হয়৷ এইধৰণৰ সাৱধানবাণী বহুতেই বিভিন্ন সময়ত কৈ আহিছে যদিও আমাৰ এচামে ইয়ালৈ ভ্ৰূক্ষেপ নকৰে৷ এইবাৰ খোদ মোবাইল ফোনৰ অন্যতম স্ৰষ্টা মাৰ্টিন কুপাৰে নিজেই মোবাইল ফোনৰ পৰা আঁতৰি থাকিবলৈ লৈছে৷ 
শেহতীয়াভাৱে কুপাৰে দিনটোৰ মাত্ৰ পাঁচ শতাংশতকৈও কম সময় মোবাইল ফোন ব্যৱহাৰ কৰে৷ এই সন্দৰ্ভত কুপাৰে উল্লেখ কৰিছে যে আমি জীৱনটো উপভোগ কৰিবলৈ হ’লে মোবাইল ফোনৰ ব্যৱহাৰ কমাব লাগিব৷ 
তেওঁ লগতে জানিবলৈ দিয়ে যে অত্যধিক মোবাইল ফোন ব্যৱহাৰে মানৱ জীৱনলৈ যান্ত্ৰিকতা কঢ়িয়াই আনিছে৷ আমি দিনকদিনে যেন যন্ত্ৰৱৎ হৈ পৰিছোঁ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়  হিচাপে মোবাইল ফোনৰ ব্যৱহাৰ সীমিত কৰিবলৈ আহবান জনাইছে৷  কিয়নো জীৱন উপভোগ কৰিবলৈ মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে সমস্যাৰ সৃষ্টি কৰিছে৷– তেওঁ লগতে উল্লেখ কৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...