Home Daily news জনস্বাস্থ্যৰ প্ৰতি ভাবুকি দোকানত বিক্ৰী হৈছে ভেজাল মিঠাই

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি দোকানত বিক্ৰী হৈছে ভেজাল মিঠাই

সম্প্ৰতি আটাইতকৈ ভেজাল হোৱা সামগ্ৰীবিধেই হ’ল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী৷ গাখীৰ আৰু তাৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীবোৰৰ উৎপাদন, সংগ্ৰহ স্থান, পেকেজিং, সংৰক্ষণ, বিতৰণ আৰু বিক্ৰী কেন্দ্ৰ আদি সকলো স্তৰতে ভেজালকাৰীৰ হাতত ভেজাল হৈছে আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এনে ভেজাল গাখীৰ আৰু দুগ্ধজাত খাদ্য-সামগ্ৰীবোৰ অধিক মূল্য ভৰি কিনি আনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখতো পৰে৷ এনে গাখীৰ আৰু মিঠাই খোৱাৰ ফলত মানৱ শৰীৰত প্ৰৱেশ কৰা অৱশিষ্টভাৱে ৰৈ যোৱা এণ্টিবায়’টিকবোৰে পিছলৈ মানৱ শৰীৰত এণ্টিবায়’টিক ৰেজিষ্টেণ্ট কৰাৰ উপৰি গ্ৰোথ প্ৰোমোটাৰবোৰে কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে৷ কিন্তু তাৰ পাছতো  কেৱল গাখীৰেই নহয় বিভিন্ন দোকানত বিক্ৰী হৈ আছে অতি নিম্নমানৰ মিঠাই৷ এটা ভ্ৰাম্যমাণ পৰীক্ষাগাৰত পৰীক্ষা কৰা কেইবাবিধো মিঠাই অতিকৈ নিম্নমানৰ বুলি পোহৰলৈ আহিছে৷ কালাকান্দ, কাজু বৰ্ফি, পেৰা, মেৱা বৰ্ফিৰ দৰে গাখীৰৰ পৰা প্ৰস্তুত কৰা একাংশ মিঠাইত পোৱা গৈছে অত্যধিক পৰিমাণৰ ষ্টাৰ্ছ৷ এই  মিঠাইবোৰৰ মান অতিকৈ নিম্ন বুলি পৰীক্ষাগাৰত পোহৰলৈ আহিছে৷ আনহাতে কিছুমান মিঠাইত চেনিৰ সলনি চেকাৰিন ব্যৱহাৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ আনহাতে মুকলিকৈ বিক্ৰী হোৱা এনে ৰং-বিৰঙৰ জেলেপি, নিমকি, খুৰমা, ভুজিয়াৰ লগতে নানা ধৰণৰ মিঠায়ে বহু লোকক অসুস্থ কৰি তুলিছে৷ 
এনে মিঠাই খোৱাৰ ফলত বহুতৰে শৌচ, বমি, পেটৰ অসুখ হোৱা বুলি বহুতে অভিযোগ কৰিছে৷ ভেজাল গাখীৰৰ পৰা ভেজাল পনীৰ, মিঠাই, বাটাৰ আদি তৈয়াৰ হৈছে৷ তদুপৰি দুগ্ধজাত সামগ্ৰী বাটাৰত ষ্টাৰ্চ, বনস্পতি, মাৰ্গেৰিন, আলু পিটিকা, অলিওমৰ্গেৰিনৰ দৰে জন্তুৰ চৰ্বি [অলিঅ’মৰ্গেৰিন এবিধ গৰুৰ পৰা তৈয়াৰ কৰা চৰ্বি] মিহলোৱা হয়৷ মিঠা দৈত বনস্পতি মিহলোৱা হয়৷ মিঠাইত ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰং মিহলোৱা হয়৷ এই ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰঙবোৰে কৰ্কট ৰোগ কৰিব পাৰে৷ খৈৱা, পনীৰ আদিত মিহলোৱা ষ্টাৰ্চে খাদ্যবিধৰ খাদ্যমূল্য কমোৱাৰ উপৰি পেটৰ ৰোগ কৰে৷ ঘিউত বনস্পতি, অলিঅ’মৰ্গেৰিন, আলু পিটিকা আদি মিহলাই ভেজাল কৰা দেখা যায়৷ ক্ৰীমত জিলেটিন, ফ’ৰমেল ডিহাইড আদি মিহলোৱা হয়৷ জনসচেতনতাৰ অভাৱত আমি এনেদৰে ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰিব লগা হৈছে৷ জানিব পৰা মতে এনেধৰণৰ মিঠাই বিপণীৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগে নজৰ ৰাখিব লাগে যদিও বিভাগৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে অলিয়ে-গলিয়ে এনে দোকান গঢ় লৈ উঠিছে৷ এই বিপণীসমূহক লৈ সংশ্লিষ্ট খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শকসকলেও একপ্ৰকাৰে নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে৷

Most Popular

৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!

মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ...

প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?

পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ...

বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ

বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল...

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ

অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...