ছিজাৰিয়ানৰ দাগ পেটৰ পৰা কিদৰে নাইকিয়া কৰিব? How to remove caesarean scars from the stomach?

0
644

প্ৰসূতি এগৰাকীয়ে সাধাৰণতে দুই ধৰণে সন্তান প্ৰসৱ কৰে৷ এটা হৈছে নৰ্মেল ডেলিভাৰী আৰু আনটো হৈছে ছিজাৰিয়ান পদ্ধতি৷ ছিজাৰিয়ান পদ্ধতিত প্ৰসূতিগৰাকীৰ পেটৰ অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তানটি ভূমিষ্ঠ হয়৷ পিছে এইদৰে কৰা প্ৰসৱৰ পাছত মহিলাসকলৰ মাজত দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে পেটত অস্ত্ৰোপচাৰৰ দাগ ৰৈ যোৱা৷ আৰু সন্তান প্ৰসৱৰ পাছত মহিলাসকলে সন্তানৰ লালন-পালনত ইমানেই ব্যস্ত হৈ যায় যে নিজৰ সমস্যাৰ কথা ভাবিবলৈ আহৰিয়েই নাপায়৷ সেয়েহে আপুনিও যদি ছিজাৰিয়ান পদ্ধতিৰে সন্তান প্ৰসৱ কৰিছে আৰু এই দাগ ৰৈ গৈছে, তেন্তে মানি চলক এই উপায়৷

(১) দিনে দুই তিনিবাৰকৈ এলোভেৰা পাতৰ পৰা ওলোৱা সতেজ জেলেৰে ক্ষতস্থান মালিচ কৰিলে দাগ লাহে লাহে নাইকিয়া হয়৷

How to get rid of scars fast — Surgery scars after c-section | Lose Belly Fat Easily and Naturally


(২) ভিটামিন-E যুক্ত তেলেৰে নাইবা ভিটামিন-E কেপছুল কটা স্থানত লগাই মাচাজ কৰিলে অস্ত্ৰোপচাৰৰ দাগ নাইকিয়া হোৱাত সহায়ক হয়৷


(৩) নেমুৰ ৰসে প্ৰাকৃতিক ব্লিডছ হিচাপে কাম কৰে৷ সেয়েহে কটা স্থানত নিয়মিত নেমুৰ ৰস লগালেও দাগ নাইকিয়া হয়৷ অৱশ্যে ঘা কেঁচা থকা অৱস্থাত নেমুৰ ৰস নলগাব৷


(৪) গ্ৰীন টীৰ বেগ গৰম পানীত ভিজাই ঠাণ্ডা হোৱাৰ পাছত ক্ষতস্থানত লগালে সুফল লাভ কৰিব পাৰি৷

4 reasons your green tea bag may be hazardous to the environment | Lifestyle News,The Indian Express


(৫) নিয়মিতভাৱে ভেচলিনেৰে ক্ষতস্থান মালিচ কৰিলেও ই দাগ নাইকিয়া হোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here