ছালৰ এইসমূহ সমস্যা হ’ব পাৰে ভিটামিন-Dৰ অভাৱৰ লক্ষণ || These skin problems indicate vitamin D deficiency

0
1391

আমাৰ শাৰীৰিক সুস্থতাৰ বাবে ভিটামিন-Dৰ প্ৰয়োজনীয়তা কিমান এই কথা দোহৰাৰ নিশ্চয় প্ৰয়োজন নাই। শৰীৰৰ অন্য অংগৰ লগতে দাঁতৰ বাবেও ভিটামিন-D খুবেই প্ৰয়োজন। বহুতো লোকৰ শৰীৰত ভিটামিন-Dৰ অভাৱে দেখা দিয়ে যদিও ইয়াৰ বিষয়ে তেওঁলোক প্ৰায়ে অৱগত নহয়। অকল শৰীৰেই নহয়, ভিটামিন-Dৰ অভাৱৰ প্ৰভাৱ আপোনাৰ ছালতো পৰিব পাৰে।

১) আপোনাৰ যদি ছাল শুকান, খহটা আৰু ৰঙা পৰি যোৱা লক্ষণে দেখা দিছে, তেন্তে ই হ’ব পাৰে ভিটামিন-Dৰ অভাৱৰ কাৰণ। একজিমা ( Eczema ) হোৱা লোকৰ শৰীৰত প্ৰায়েই ভিটামিন-Dৰ অভাৱ হোৱা দেখা যায়।

How Vitamin D Affects Your Skin


২) ভিটামিন-Dৰ অভাৱত শৰীৰত হ’ৰমনৰ পৰিৱৰ্তন হোৱাৰ ফলত ছালত একণী( Acne ), পিম্পলছ্ আদি সঘনাই হোৱা পৰিলক্ষিত হয়।

Acne treatment: antibiotics don't need to kill bacteria to clear up your skin


৩) ভিটামিন-Dৰ অভাৱ হ’লে কম বয়সতে ছাল শোটোৰা পৰা, মুখত বলীৰেখা পৰা আদি সমস্যাই দেখা দিয়ে।

Anti-ageing diet: Want to stay younger? Include these five food items in your diet | The Times of India

গতিকে ছালৰ এনে সমস্যাই দেখা দিলে ইয়াক সহজভাৱে নলৈ ভিটামিন-Dযুক্ত আহাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। লগতে পুৱাৰ সূৰ্যৰ কোমলীয়া ৰ’দ এচেৰেঙা গাত লৈও আমি আমাৰ শৰীৰত ভিটামিন-D উৎপন্ন হোৱাত সহযোগ কৰিব পাৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here