চাউলত থকা পোক কেনেদৰে আঁতৰাব ?How to get rid of insects from rice?

0
382

যিহেতু প্ৰায় সকলো মানুহৰে প্ৰধান খাদ্য ভাত, সেয়েহে চাউলক বহুদিনলৈ ষ্ট’ৰ কৰি ৰখা হয়৷ কিন্তু এনেদৰে বহুদিনলৈ ষ্ট’ৰ কৰি ৰখাৰ ফলত চাউলত পোকে ধৰা দেখিছেনে? এই সৰু সৰু পোকবোৰ চাউলৰ পৰা আঁতৰ কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কিছুমান টিপছ, যাৰ দ্বাৰা আপুনি এই পোক-পৰুৱাৰ পৰা ৰেহাই পাব পাৰিব৷


(১) চাউলৰ পৰা পোক আঁতৰ কৰিবলৈ চাউলখিনি ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীৰে ধোৱা উচিত৷ এনে কৰিলে পোকবোৰ মৰি চাউলৰ ওপৰলৈ ওলাই আহে৷ ফলত অতি সহজে পোকবোৰ আঁতৰ কৰিব পাৰি৷


(২) চাউলৰ পাত্ৰত তেজপাত নাইবা নিমপাত ৰাখিলে ইয়াৰ গোন্ধ সহ্য কৰিব নোৱাৰি পোক-পৰুৱা কমকৈ আহিব ধৰে৷

A Complete Guide on How to Keep Your Kitchen Bug-Free - The NoBroker Times


(৩) যদি চাউলখিনিত বেছি পোক হৈছে, তেন্তে অলপ সময় চাউলখিনি ৰ’দত মেলি দিব পাৰে৷ এনে কৰিলে ৰ’দৰ তাপ সহ্য কৰিব নোৱাৰি পোক-পৰুৱাবোৰ ওলাই আহে৷


(8) দিয়াচলাইৰ বাকচ এটা কাগজেৰে বান্ধি চাউল থোৱা পাত্ৰত ৰাখিব পাৰে৷ দৰাচলতে দিয়াচলাইৰ বাকচত প্ৰচুৰ পৰিমাণে ছালফাৰ থাকে৷ যাৰ ফলত পোক-পৰুৱা আঁতৰ হয়৷ অৱশ্যে দিয়াচলাই বাকচ ৰখা চাউলখিনি বেছি ভালকৈ ধোৱা উচিত৷


(৫) আদা, নহৰু, হালধি নাইবা লং আদি চাউল থোৱা পাত্ৰত ৰাখিলেও পোক-পৰুৱাৰ পৰা যথেষ্ট ৰেহাই পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here