গৰ্ভাৱস্থা আৰু আয়ডিনৰ অভাৱ

0
993
আয়ডিন হৈছে এনে এবিধ উপাদান, যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়৷ শৰীৰত আয়ডিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাই দেখা দিয়ে৷ বিশেষকৈ, গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুলৈ ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে৷ গৰ্ভৱতী অৱস্থাত দেহত আয়ডিনৰ অভাৱ হ’লে জন্ম দিয়া শিশুটিৰ Cretinism ৰোগ হ’ব পাৰে৷ এনে অৱস্থাত গৰ্ভস্থ শিশুৰ মগজু আৰু দৈহিক বিকাশ সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হয়৷ এনে শিশু শাৰীৰিকভাৱে দুৰ্বল আৰু অজলাৰ দৰে হয়৷ শিশুৰ মুখ ফুলা, জিভাখন বাহিৰ ওলাই থকা আৰু বুদ্ধিহীন লক্ষণৰ দৰে হয়৷ আনকি এনে শিশুৰ কাণ কলাও হ’ব পাৰে৷ সেয়েহে গৰ্ভাৱস্থাতে শিশুটিক পৰ্যাপ্ত আয়ডিন যোগান ধৰাটো অত্যন্ত প্ৰয়োজনীয়৷
https://youtu.be/G_p1NRMwcIk

[১] ইয়াৰ বাবে গৰ্ভৱতী মহিলাগৰাকীয়ে পৰ্যাপ্ত পৰিমাণে আয়ডিনযুক্ত নিমখ খাব লাগে৷

DOH reiterates role of iodized salt in the fight against goiter | Claudeth Mocon-Ciriaco


[২] একাপ গাখীৰত ৫৬ মাইক্ৰ’গ্ৰাম আয়ডিন পোৱা যায়, যিয়ে আয়ডিনৰ অভাৱ দূৰ কৰাৰ লগতে ইয়াত থকা কেলচিয়াম আৰু ভিটামিন-ডিয়ে হাড় মজবুত কৰাতো সহায় কৰে৷

Milk During Pregnancy: Which Type Is Best For You And Why?


[৩] আপুনি যদি আপোনাৰ শিশুটিৰ মগজুৰ বিকাশ সঠিক ৰূপত কৰিব বিচাৰিছে, তেন্তে আপোনাৰ শিশুটিক প্ৰচুৰ পৰিমাণে আয়ডিন দিয়ক৷ সাগৰীয় মাছত প্ৰচুৰ পৰিমাণে আয়ডিন পোৱা যায়৷ ইয়াত থকা প্ৰয়োজনীয় উপাদানে শিশুটিৰ স্মৰণ শক্তি বৃদ্ধিত সহায় কৰে৷

What kinds of fish are safe to eat during pregnancy?


[৪] আয়ডিনৰ উত্তম উৎস হৈছে ব্ৰাউন ৰাইচ৷ ইয়াত থকা ফাইবাৰে LDL কলেষ্টৰেল হ্ৰাস কৰাতো সহায় কৰে৷

Brown Rice: Health Benefits & Nutrition Facts | Live Science


[৫] দৈনিক তিনিটাকৈ খিচমিচ খালে শৰীৰে ৩৪ মাইক্ৰ’গ্ৰাম আয়ডিন লাভ কৰে৷
সেয়েহে পৰ্যাপ্ত পৰিমাণৰ আয়ডিন গ্ৰহণ কৰি আয়ডিনৰ অভাৱ পৰা হ’ব পৰা সমস্যাবোৰ প্ৰতিৰোধ কৰোঁ আহক৷

What are the benefits of eating raisins during pregnancy - lifealth

LEAVE A REPLY

Please enter your comment!
Please enter your name here