নাছাৰ সতৰ্কবাণী : পৃথিৱীৰ উষ্ণতা অভূতপূৰ্বভাৱে বৃদ্ধি

0
978
বিশ্বত জলবায়ু পৰিৱৰ্তনৰ সংকটৰ সময়তে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এইবুলি সতৰ্ক কৰি দিছে যে পৃথিৱীৰ উষ্ণতা ২০০৫ বৰ্ষৰ তুলনাত দুগুণ হৈছে৷ নাছাৰ মতে, পৃথিৱীৰ উষ্ণতা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে৷ নাছা আৰু নেশ্যনেল অছেনিক এণ্ড এটম’স্ফিয়েৰিক এডমিনিষ্ট্ৰেশ্যনে এখন প্ৰতিবেদনত উল্লেখ কৰে যে শক্তিৰ অসমতা ২০০৫-২০১৯ৰ ভিতৰত দুগুণলৈ বৃদ্ধি পাইছে৷ ই উদ্বেগজনক বুলি লগতে কোৱা হৈছে৷ শক্তিৰ ভাৰসাম্যহীনতাৰ অৰ্থ হ’ল সূৰ্যৰ পৰা বিকিৰিত হোৱা তেজস্ত্ৰিয় ৰশ্মিৰ কিমান অংশ পৃথিৱীয়ে শোষণ কৰে আৰু কিমান অংশ মহাকাশলৈ ঘূৰাই পঠিয়ায়৷ নাছাৰ মতে পৃথিৱীয়ে শোষণ কৰাৰ হাৰ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে৷ কৃত্ৰিম উপগ্ৰহ তথা সাগৰৰ পৰা আহৰণ কৰা তথ্যৰ পৰা বিজ্ঞানীসকলে এই কথা নিশ্চিত কৰিছে যে শক্তিৰ অসমতা বা ভাৰসাম্যহীনতা বৃদ্ধি পাইছে৷ তেওঁলোকৰ মতে, পৃথিৱীৰ ৯০%তকৈ অধিক শক্তি সাগৰলৈ প্ৰৱাহিত হয় আৰু সেয়েহে কৃত্ৰিম উপগ্ৰহৰ চেন্‌ছৰে সঠিকভাৱে সমুদ্ৰৰ তাপমাত্ৰাৰ তথ্য দিব পাৰে৷ তেওঁলোকৰ মতে গ্ৰীন হাউছ গেছৰ ফলত পৃথিৱীৰ বায়ুমণ্ডল উষ্ণ হৈ পৰিছে, যাৰ ফলত সূৰ্যৰ পৰা অহা তেজস্ত্ৰিয় বিকিৰণ মহাকাশলৈ উভতি যাব পৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here