যোগাসনত ৰহাৰ ছাত্ৰৰ বিশ্ব অভিলেখ

0
1298
যোৱা ২১ জুনৰ বিশ্ব যোগ দিৱসৰ দিনাই ৰহাত ছাত্ৰই গঢ়িলে বিশ্ব অভিলেখ৷ যোগাসনত বিশ্ব অভিলেখ গঢ়িলে ৰহাৰ এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰই৷ ৰহা প্ৰাঞ্জল মেম’ৰিয়েল একাডেমিৰ ছাত্ৰ অভিজ্ঞান নাথে একেৰাহে ছয় মিনিট ‘পদ্ম ময়ূৰাসন’ কৰি ‘চ’লন বুক অব্‌ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰে৷ ৰহা নগৰৰ  ৰজাগাঁৱৰ নিৱাসী সেনা জোৱান নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ পুত্ৰ অভিজ্ঞানে যোগ দিৱসৰ দিনা পুৱা ‘চ’লন বুক অব্‌ ৰেকৰ্ড’ৰ বিষয়ববীয়াৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ কেমেৰাৰ সন্মুখতে ছয় মিনিট ‘পদ্ম ময়ূৰাসন’ কৰি বিশ্ব অভিলেখ গঢ়ে৷ পূৰ্বতে ‘চ’লন বুক অব্‌ ৰেকৰ্ড’ত এই অভিলেখ আছিল চাৰি মিনিট৷ ভাৰতৰ তামিলনাডুৰ চিভাংগাইৰ ধৰনীচ দেৱানে ২০১৯  চনৰ ২ ফেব্ৰুৱাৰীত 8 মিনিট,  কানপুৰৰ ছুজি পবিথৰণে তিনি মিনিট ২৬ ছেকেণ্ড এই কঠিন যোগ কৰিছিল৷ গুগ্‌লৰ তথ্য মতে, ভাৰতৰ উত্তৰ প্ৰদেশৰ মিৰুটৰ হৰ্ষিত নামৰ ১৪ বছৰীয়া কিশোৰজনে ২০১৯ চনৰ ১১ আগষ্টত ‘লটাচ পিকক প’জ’ত হায়েষ্ট পাৰফৰমেন্সত ২ মিনিট ২০ ছেকেণ্ড কৰি বিশ্ব অভিলেখ গঢ়ি ‘Golden Book of World Records’ত নাম লিখিছিল৷ অভিজ্ঞানৰ এই সাফল্যক সকলোৱে প্ৰশংসা কৰিছে৷  অভিজ্ঞানে বিশ্ব অভিলেখ গঢ়াত কভিড মহামাৰীৰ সময়তো ৰহাত আনন্দৰ বন্যা বৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here