Home Daily news গ্লেচিয়াৰবোৰ গলিলে নদীবোৰৰ প্ৰৱাহত কোনো প্ৰভাৱ নপৰে

গ্লেচিয়াৰবোৰ গলিলে নদীবোৰৰ প্ৰৱাহত কোনো প্ৰভাৱ নপৰে

হিমালয়ৰ হিমবাহবোৰ দ্ৰুতগতিত গলিছে আৰু হিমবাহবোৰ নোহোৱা হৈ গ’লে পৰিণাম গুৰুতৰ হ’ব, ভাৰতৰ নদীবোৰ শুকাই যাব বুলি কৰা দাবী মিছা৷ এখন নতুন পেপাৰত দুজন ব্যক্তিয়ে কয় যে হিমবাহবোৰ গলি যি পানী গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰৰে বৈ যায় তাৰ পৰিমাণ মাত্ৰ এক শতাংশমানহে৷ 
জ্যেষ্ঠ সম্পাদক স্বামীনাথন এছ অংক্লেছাৰিয়া আয়াৰ আৰু কেটো ইন্‌ষ্টিটিউটৰ গ্লেচিঅ’লজিষ্ট ভি কে ৰাইনাই তেওঁলোকৰ পেপাৰখনত কয় যে প্ৰায় সকলো নদীৰ পানী বৰষুণৰ পৰা আৰু বৰফ গলাৰ  পৰা জমা হয়৷ কেইবা শতিকাৰ পাছত অৱশেষত হিমবাহবোৰ নোহোৱা হৈ যোৱাৰ পাছতো নদীবোৰ বৈয়েই থাকিব৷ 
গ্লেচিয়াৰবোৰ গলিলে নদীবোৰৰ প্ৰৱাহত কোনো প্ৰভাৱ নপৰে আৰু নদীবোৰ শুকাই নাযায়৷ নতুন অধ্যয়নৰ ভিত্তিত লেখক দুজনে এই উল্লেখযোগ্য কথাটোত গুৰুত্ব দিছে৷ পূৰ্বৰ অধ্যয়নবোৰত স্ন’মেণ্টক গ্লেচিয়েল মাণ্ট বুলি ভুল কৰা হৈছিল৷ 
শেহতীয়া অধ্যয়ন আৰু ভাৰতীয় মহাকাশ সংগঠনৰ কৃত্ৰিম উপগ্ৰহৰ তথ্যৰ উদ্ধৃতি দি পেপাৰখনত কোৱা হৈছে যে হিমালয়ৰ হিমবাহবোৰ ১১,৭০০ বছৰৰ আগৰ শেষ বৰফ যুগৰ পৰাই  গলি আছে আৰু সৰু হৈ গৈছে৷ কিন্তু উষ্ণতা বৃদ্ধি পোৱা সত্ত্বেও শেহতীয়াকৈ  হিমবাহবোৰ গলাটো বৃদ্ধি পোৱা নাই৷ বিভিন্ন তথ্যৰ উদ্ধৃতি দি পেপাৰখনত কোৱা হৈছে যে হিমবাহবোৰৰ পৰা গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰলৈ বৈ অহা পানীৰ পৰিমাণ এক শতাংশমানহে হ’ব৷ গংগাৰ ৯৪ শতাংশ পানী বৰষুণৰ৷

Most Popular

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ

অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...

সামুদ্ৰিক মাছৰ গুণাগুণ তথা উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

মাছ আমাৰ সকলোৰে প্ৰিয় খাদ্য হিচাপে ধৰা হয়৷ ইয়াৰ লগতে সামুদ্ৰিক মাছ বহুৰেই প্ৰিয় খাদ্য৷ ইয়াৰ স্বাদ তথা গুণাগুণ অলপ সুকীয়া৷ শৰীৰৰ...

নাছাই ক’লে : পৃথিৱীৰ পৰা মঙল গ্ৰহ পাবলৈ মাত্ৰ ৪৫ দিন লাগিব

বিশ্বৰ কেইবাখনো দেশে মঙল গ্ৰহলৈ মানুহ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে৷ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, পৃথিৱীৰ পৰা মঙল গ্ৰহলৈ...

স্মাৰ্টফোনৰ তলৰ ফুটাটোৰ কাম কি : আপুনি হয়তো নাজানে?

মানৱ জীৱনশৈলীত মোবাইল ফোনটো এতিয়া এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ হাতৰ টিপতে সমস্ত বিশ্বখন হাতে পোৱা, সকলো স্তৰৰ খবৰ, বিত্তীয় লেনদেন, যোগাযোগ...